মই।-এনেয়ে হওঁতে নালাগিছিল তো! পিচে লগা হৈছে এইবাবে, যে আপুনি কলেও শ্লোকটো বেদৰ নহয়।
গোসাঁই।-তেনেহলে ক'ৰ?
মই।—মনুসংহিতাৰ পঞ্চম অধ্যায়ৰ ৮৩ সংখ্যক শ্লোক।
গোসাঁই।—মনুসংহিতাও বেদেই।
মই।—ভাল তেন্তে, আপোনাৰ কথাকেই মনিলোঁ। পিচত আকৌ নহয় নুবুলিব।
ৰাইজ।—আপোনালোকে হে তৰ্ক কৰিছে, আমি শ্লোকটোৰ অৰ্থকে পোৱা নাই।
গোসাঁই।—তাৰ অৰ্থ হৈছে—ওপজা আৰু মৰাৰ চুৱা বামুণৰ দহ দিন, ক্ষত্ৰিয়ৰ বাৰ দিন, বৈশ্যৰ পোন্ধৰ দিন, শূদিৰৰ এমাহ। যি শূদিৰ দহ দিনত শুচি হয় সি অসদাচাৰী পাষণ্ড, তাক ছুলেও পৰাচিত হব লাগে।
মই।—আপোনাৰ ব্যাখ্যাৰ গুৱাখনিত চূণ ইমান সৰহ হৈছে, যে যেয়ে খায় তাকে ই ডাকিব। প্ৰথমতে ওপজা চুৱাৰ কথা ইয়াত নাই। অসদাচাৰ আৰু পৰাচিতৰ গোন্ধো হাতী-শুঁড়ীয়া নাকে হে যদি পায়! আপুনি পোৱা নাই যদি, ওপজা চুৱাৰ বিষয়ে আপোনাৰ বেদ মনুসংহিতাত কি আছে ময়ে কৈ দিওঁ। তাৰ পঞ্চম অধ্যায়ৰ দ্বিষষ্টিতম শ্লোকত কৈছে,—
সৰ্ব্বেষাং শাৱমশৌচং মাতাপিত্ৰোস্তু সূতকম্।
সূতকম্ মাতুৰেৱ স্যাদুপস্পৃশ্য পিতা শুচিঃ॥
অৰ্থাৎ মৰা চুৱা বংশৰ সকলোৰে, কিন্তু ওপজা চুৱা অকল