মৰিলত সি দহ দিনতে শুচি হ'ল, অথচ তাৰ দদায়েকৰ পুতেক যি বিদ্যালয়ৰ অধ্যাপক, এমাহলৈ অশুচি থাকিল। ইয়াৰ চমু অৰ্থ এয়ে নহয় নে যে শুচি- অশুচি অকল বামুণৰ সুবিধা অসুবিধাৰ ওপৰত নিৰ্ভৰ কৰে?
এইখিনিতে ৰাইজৰ সৰহ ভাগে গিজ গিজাই উঠিল, আৰু গোসাঁইলৈ চাই ক'লে,— “ জগন্নাথ, এটা কথা, আমি দেখাতেই কণা, আপোনালোকে যিফালেই বাট বুলি কয় সেই ফালেই যাওঁ। আপোনালোকে যেন ভুল বাটে নি আমাক বাঘ-ঘোঙাৰ মুখত নাইবা খাল-ডোঙত পেলাই নামাৰে। আমাৰ সৌভাগ্যৰ গুণত আজি আচাৰ্য্যদেৱকো ঈশ্বৰে মিলাই দিছে। আপোনালোকে শাস্ত্ৰমতে বিচাৰ কৰি আমাক এটা সুৱ্যৱস্থা দিয়ক।
প্ৰভুৰ অৱস্থা শোচনীয় হ'ল। মই মাত মতাৰে পৰা তেওঁৰ গা থৰক-বৰক লাগিছিল, তথাপি আন উপায় নাপালে খঙ্গৰ ভমক দেখুৱাই ধমক দি মোক আঁতৰাব পাৰিব বুলি আশা ৰাখিছিল। এতিয়া মোৰ প্ৰতি ৰাইজৰ মনোভাব দেখি সেই ফেৰা শেষ অৱলম্বনো তেওঁ পুলকি যোৱা যেন পালে। তথাপি তেওঁ ক’লে,—“শাস্ত্ৰ বহুতো, কাৰো লগত কোনো নিমিলে; সেই দেখি এখনত ধৰিলেই নহয়। বেদত কৈছে,—
শুধ্যেদ্বিপ্ৰো দশাহেন দ্বাদশাহেন ভূমিপঃ।
বৈশ্যঃ পঞ্চদশাহেন শূদ্ৰোমাসেন শুধ্যতি॥
মই।—বেদ চাৰিখন, আপুনি গোৱাটো কোন খনৰ?
গোসাই।—তোমাক কেলেই?
৫