চিনাকি আছিল, আৰু মই কেনে বিধৰ ভকত তাক তেওঁ ভালকৈ জানিছিল।
ৰাইজৰ প্ৰাৰ্থনাটো শুনি, মনে মনে কিবা-কিবি গুণি, কেৰাহি-কেৰাহিকৈ মোৰ ফালে চাই কিছু সময় নিমাত হৈ থাকি, শেহত গোসাঁয়ে কলে,—“ঘোৰ কলিকাল! নহলে-নো শূদিৰ বামুণৰ সমান হব খোজে নে? বেদত কৈছে, ওপজা আৰু মৰাৰ চুৱা শূদিৰৰ এমাহ, যি তাক নামানে সি মহাপাপী। ”
গোসাঁইৰ কথা শুনি মনে মনে থকা মোৰ পক্ষে অসম্ভব হ'ল। মই লাহেকৈ সুধিলোঁ,—“জগন্নাথ! বামুণৰ হালোৱাকেইটাৰ জাত কি?”
গোসাঁই।—তাকে। সুধিব লাগিছে নে? সিহঁত দেখাতেই শূদিৰ। অকল শূদিৰেই নহয়, শূদিৰৰ ভিতৰতো একেবাৰেই নীহ।
মই।— পিচে সেই নীহ শূদিৰ কেইটাৰ অশৌচ দহ দিন বুলিহে দেখোন শাস্ত্ৰই কয়। উশনঃ সংহিতাৰ ষষ্ঠ অধ্যায়ৰ পঞ্চত্ৰিংশ শ্লোকত কৈছে বোলে
ক্ষত্ৰবিট্ শূদ্ৰদায়দা যে স্যুৰ্বিপস্য সেৱকাঃ।
তেষামাশেষং বিপ্ৰস্য দশাহাচ্ছুদ্ধিৰিষ্যতে॥
অৰ্থাৎ ক্ষত্ৰিয়, বৈশ্য আৰু শূদ্ৰবংশীয় লোক বামুণৰ গোলাম হলে বামুনৰ দৰে তেওঁলোকো দহ দিনতে শুচি হয়।
গোসাঁই।—সেইটো বামুণৰ গোলাম হলে হে। পিচে আটাইবোৰ শূদিৰ জানো বামুণৰ গোলাম?
মই।— তেন্তে ধৰক, আপোনাৰ ঘৰৰ চাকৰ এটাৰ বাপেক