পৃষ্ঠা:আত্মানন্দৰ আত্মকাহিনী.pdf/৭

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

আত্মানন্দৰ আত্মকাহিনী প্ৰস্তাৱনা আত্মজীৱনী,—আত্মকাহিনীৰ ডলুৱা ভূতটোৰ জন্মস্থান যদিও সাত সাগৰৰ সিপাৰত, তথাপি সি সুৰ-সুৰ কৰে আহি আমাৰ মেমেৰা-চেৰেল৷ প্ৰাণীকেইটিৰ গাতো৷ নলন্তাকৈ এৰা নাই । তাৰ ফলত বহুতো সভ্য-ভব্য ডাঙ্গৰীয়াই থৰ-কাছুটি এৰি, নিজৰ আৰু ঘৰৰ সকলো কথা বাজ কৰি লোক-সমাজত কিবা এটা হৈ ডেও দি ফুৰিছে। “দেখাক দেখি উঠিল গা, আদাই বোলে মোকো খা।” তাকে দেখি শুনি মোৰ কাহিনীবোৰেও কলৈ যাওঁ গোপাল, কলৈ যাওঁ কৃপাল লগাই মোক বেবুৱা কৰি পেলাইছে ৷ যদিও সেইবোৰক সমাজত মেলি দি ৰাইজৰ গালি-শপনিৰে চৈধ্য পুৰুষ উধাৰিবৰ মোৰ অলপো ইচ্ছা নাছিল, তথাপি তাৰে নিতান্ত উদণ্ড কেইটাক উদং মেলি নিদিলে উপায় নাই৷ ৰাইজে যদি পাৰে সিহঁতক ঘৰ চপাই পঘা লগাওক, আৰু লগে লগে তেওঁলোকৰ বক্তব্য অর্থাৎ শলাগনি নাইবা শাও-শপনি জিভাৰ চোক অনুযায়ী ব্যক্ত কৰক ৷