পৃষ্ঠা:আত্মানন্দৰ আত্মকাহিনী.pdf/৬৯

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

পিতৃ-পিতামহৰ ধৰ্ম্ম। , 68 | প্রথমতে তাত অসম্মতি জনাইছিলো, কিন্তু তেওঁলোকৰ কাকূতি- . মিনতিৰ গঢ়গতি দেখি বুজিলোঁ, সম্মতি নিদিলে তেওঁলোকৰ হাতৰ পৰা অব্যাহতি পোৱাৰ আশা নাই, বৰং গোটেই ৰাতি টোপনি খতি কৰি পুৱা কেঁকাৰ হে লাগিব । সেই কাৰণে, ৰাতি তিনি পৰ- মানলৈকে সতৰ্ক হৈ তৰ্ক বিতৰ্ক কৰাৰ পিচত তেওঁলোকৰ নিমন্ত্ৰণ ৰক্ষা কৰিবলৈ গাত লৈ কোনোমতে তেওঁলোকৰ উৎপাতৰ পৰা ৰক্ষণ পৰিলে।। পিচ দিনা দুপৰীয়া ভাতৰ মুহুদি শেষ কৰোতেই এজন খেদা পালেহি আৰু ময়ো ওপৰত কোৱা নামঘৰলৈ বুলি খোজ ললে।। মই যেতিয়া সেইখিনি পালোগৈ তেতিয়াও ওপৰত কোৱা দলটো অহা নাছিল ; সেই কাৰণে, নামঘৰৰ আগৰ বাটটোতে দুজনমান মানুহৰ লগত কথা পাতি আছিলোঁ। দলটো সোমোৱাৰ অলপ পাচতে ময়ে৷ সোমাই গৈ গোসাঁইক নমস্কাৰ জানালো। ভাৰ-ভেটী আৰু অৰিহণাৰ ধনৰ দৰ্শনত উজ্জল হোৱা প্ৰভু ঈশ্বৰৰ মুখখন মোক দেখি অলপ বিবৰ্ণ হ'ল আৰু পাৰিলে মোক খেদাবৰ মনেৰে লৰা-লৰিকৈ মই যোৱাৰ কাৰণ সুধিলে। মই কলোঁ, যে মোৰ নিজা কথা ৰাইজ ভাগিলে হে, কবলৈ চল লাগিব । তেওঁ ক’লে,–“আজি যোৱাই তেন্তে, কালিলৈ আহিবা !” 3 মই ।—ভাল জগন্নাথ, যদি আহিবলৈ দিয়ে কালিলৈকে আহিম আজি আনৰ কথা-বতৰাকে শুনো । এইদৰে কৈয়েই মই ওচৰত থকা কলপাত এখনতে বহি ললে। । গোসাঁই যদিও মোক খেদাৰ নোৱাৱি বিৰক্ত হ'ল, তথাপি মুখ ফুটাই একো কবলৈ সাহ নকৰিলে৷ মোৰ লগত তেওঁৰ আগৰ