পৃষ্ঠা:আত্মানন্দৰ আত্মকাহিনী.pdf/৬৮

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৬২
আত্মানন্দৰ আত্মকাহিনী ।


দিবলৈ আহিছোঁ। কৃপা কৰি, আমাৰ সন্দেহ ভঞ্জন কৰি, বিবাদ খণ্ডন কৰিব বুলি প্ৰাৰ্থনা জনালো।

 গোসাঁই।—কি কথা?

 দলপতি। —–কথাটো ডাঙ্গৰেই। কোনোবা গোসাঁই এজনে বোলে শাস্ত্ৰ-ভাগৱত চাই উলিয়াইছে মানুহ মৰিলে নাইবা উপজিলে বামুণৰ দৰে শূদিৰৰো হেনো দহ দিনতে চুৱা যায়। তাকে শুনি আমাৰ কোনো কোনোৱে এই বিধানকে মানিব খুজিছে, আনবিলাকে আকৌ পুৰণিৰ সোৱাদ এৰিবলৈ ইচ্ছা নকৰি নতুনৰ লগত অসহযোগ কৰিবলৈ টঙ্গালী বান্ধিছে। এতিয়া আমাৰ দল ফটাফটিহৈ কেতিয়াবা হতাহতি, কেতিয়াবা মূৰ কটাকটি হোৱাৰ আগন্তুক মিলিছে। সেই দেখি, আমি দুয়োদলৰ মানুহ লগ হৈ প্ৰভুৰ ওচৰলৈ আহিছোঁ, আপুনি নিৰপেক্ষভাবে ৰায় দি ফটা বাঁহ জোৰাই সমাজখন ৰক্ষা কৰিব লাগে। এয়ে আমাৰ প্ৰাৰ্থনা।

 এই খিনিতে এটা কথা কৈ থোৱা আৱশ্যক যে দলৰ লোকসকলৰ অধিকাংশৰ যদিও প্ৰভুৰ ওপৰত আস্থা আছিল, তথাপি তাৰ ভিতৰতে কেইজনমান অজীণ-পাতকীও যে নাছিল এনে নহয়। তেওঁলোক সমাজৰ ডঁৰিত হে গোঁসাইৰ ওচৰলৈ যাবলৈ ওলাইছিল; সেই কাৰণে গোসাঁয়ে যাতে কেচুৱা লৰাক কল দি,নাইবা কণা হাঁহক পতান দি ভুৰুকিওৱাৰ দৰে তেওঁলোকক ভুৰুকিয়াব নোৱাৰে, তাৰ নিমিত্তে তেওঁলোক বিশেষ সাৱধান হৈছিল আৰু আগদিনা ৰাতি টোপোলা এটা লৈ বিচাৰৰ সময়ত উপস্থিত থাকিলৈ মোক কুঁহিয়াৰ পেৰা দি পেৰিছিল। মই