গান্ধীকে আদি কৰি সংস্কাৰকসকলৰ নামত তিতা, কেহা, জলা আদি বিবিধ বিশেষণৰ যোগাযোগ কৰিছিল। এনেতে এজন দুজনকৈ বুজন আৰু অবুজন মানুহ আহি কিবাকিবি আগ বঢ়াই প্ৰভুক অকল অষ্টাঙ্গ নহয়, সৰ্ব্বাঙ্গ প্ৰণিপাত কৰিলে। দেখা গ'ল, যাৰ টোপোলা গধুৰ, তাৰ প্ৰতি প্ৰভুৰ সম্ভাষণো মধুৰ; যাৰ টোপোলা ফোঁপোলা, তাৰ প্ৰতি প্ৰভুৰ দৃষ্টিও কোদোৱা। মুঠতে দান চাই দক্ষিণা দিয়াত তেওঁ পটু; সেই হে কাৰবাৰ প্ৰতি অসন্তুষ্ট চিত্তেৰে “হৰি তুষ্ট হওক” বুলি দিয়া আশীৰ্ব্বাদ একেষাৰ, আৰু কাৰবাৰ প্ৰতি জা-জলপানৰ যোগাৰ; কাৰবাৰ প্ৰতি সহাস্য মধুৰ দৃষ্টি, কাৰবাৰ প্ৰতি বৰমলা পাতৰ মালাৰে সৈতে লেলেতীয়া আশীৰ্ব্বাদ বৃষ্টি। অলপ সময়ৰ ভিতৰতে মানুহৰ সমাগত বাঢ়ি আহিল, আৰু 'শিষ্য-আশিষ্য বহুতো আহি সেৱা-কাৰ্য্য শেষ কৰি মাটিতে লেপেটা
কাঢ়ি চেপেটা হৈ বহিল। আৰু এখন্তকৰ পাচত গুৰ-গাখীৰ, কল-কুঁহিয়াৰ, মগুমাহ-জহাচাউল আদিৰ সাঙ্গী এখন দাঙ্গি লৈ লেখৰ একুৰি মানুহ চেকুৰি আহি নাম ঘৰত সোমাল। প্ৰভুৰ মুখ উজ্জ্বল হৈ উঠিল। দলটো ভিতৰ সোমাই, সাঙ্গীখন নমাই, ৰূপ ডেৰটকি আগ বঢ়াই নিলগতে আঠু লৈ প্ৰভুক সেৱা কৰিলে। প্ৰভুৱেও উমৈহতীয়াকৈ সকলোকে আশীৰ্ব্বাদ এজোলোকা দি তেওঁলোকৰ আগমনৰ প্ৰয়োজন জিজ্ঞাসা কৰিলে। দলৰ মুখিয়ালজনে কৰযোৰে নিবেদন কৰিলে,—“প্ৰভু জগন্নাথ, কথা এটাৰ মীমাংসা কৰিব নোৱাৰি হে বন্দীহঁত প্ৰভুৰ ওচৰত গোচৰ
পৃষ্ঠা:আত্মানন্দৰ আত্মকাহিনী.pdf/৬৭
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৬১
পিতৃ-পিতামহৰ ধৰ্ম্ম।