পৃষ্ঠা:আত্মানন্দৰ আত্মকাহিনী.pdf/৬৬

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

কাহিনী—নম্বৰ দহ।

পিতৃ-পিতামহৰ ধৰ্ম্ম।

(১৮৫৭ শক )

 কেইবা বছৰৰ মূৰত বাহুমাৰী সত্ৰৰ অধিকাৰ শ্ৰীল শ্ৰীশ্ৰীশ্ৰীশ্ৰীযুক্ত বিশ্বদেৱ গোস্বামী চফৰলৈ আহি কৰ-বৰঙ্গনি,সেৱা-সৎকাৰ, সিধা-পাতি আদি যিমান পাৰে পাৰ কৰি, শিষ্যবৰ্গৰ চতুৰ্ব্বৰ্গ-লাভৰ বাটত গজা কাঁইটীয়া বন উভালি উভালি, সম্প্ৰতি ভালুকমাৰী গাৱঁৰ নাম ঘৰতে বাহৰ কৰি আছে। তেখেতৰ লগত ৰাজমেধি, পাখিমেধি, আলধৰা, পাচনি, নাম লগোৱা, জোলোঙা ভৰোৱা ইত্যাদি ভকত খাই-বৈ শকত থৈ থিতাপি লৈছে। শুনা যায়, শিষ্যসকলে শক্তি-অনুযায়ী গুৰুভক্তি দেখুওৱাৰ ফলত প্ৰভুৰ হাতনি পেৰাত ঠাইৰ নাটনি পৰিছে। অকল সেয়ে নহয়, বহুতো বাদ-কুবাদ, বিবাদ- অপবাদৰ সোধ পোছ কৰি, ভিতৰি ৰৌপ্যখণ্ড আৰু বাহিৰত ধৰ্ম্মদণ্ড আদায় কৰি তেখেতৰ কোষ বুজন কৰি তুলিছে; যদিও ইমানতো তেওঁৰ অসন্তোষ দূৰ হোৱা নাই বুলি কোনো কোনোৱে কয়।

 সেইদিনা আবেলি বেলিকা ৰঙ্গা বানতৰ মেঠনি মৰা বৰ খুটাৰ অধোভাগত আউজি প্ৰভু ঈশ্বৰে অদৃশ্য শিষ্যৰ আগমনলৈ অপেক্ষা কৰিছিল, আৰু ভকতসকলেৰে সৈতে আয়-ব্যয়, লাভ-লোকচানৰ হিচাপ ধৰি, মহাবলী কলিকালক নথৈ ককৰ্থনা কৰি, মহাত্মা