পৃষ্ঠা:আত্মানন্দৰ আত্মকাহিনী.pdf/৬৪

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫৮
আত্মানন্দৰ আত্মকাহিনী ।


 এনেতে শুনিবলৈ পালোঁ তাৰ পৰা এখন জাহাজ মঙ্গল গ্ৰহলৈ যাবলৈ ওলাইছে। মোৰ ততালিকে তালৈ যাবলৈ মন গ'ল; কিন্তু হাচতিৰ ধন লেখি-বুজি দেখিলো, মঙ্গললৈ গ'লে আকৌ ঘূৰিবলৈ ধনে নুজুৰিব, জাহাজৰ কেৰাণীয়ে কালিয়নে টিকট দিব বুলিও আশা কৰিব পৰা নগল। ইফালে আকৌ পেটত পেলোৱা দুয়োটা গৰীয়া আলুও পানীকৃত্য হৈ গৈছিল। অগত্যা অকল “হাৱা”কে খাই গঙ্গাটোপ হৈ কলপ কলপ কৰাতকৈ ঘৰৰ লৰা ঘৰলৈ ঘূৰি যোৱাটোকে উচিত বুলি সাব্যস্ত কৰি পূৰ্ব্বোক্ত জাহাজতে পৃথিবীলৈ পাৰি দিলোঁ।

 বাটত আহোতে আৰু এজন বঙ্গালী বাবুৰে চিনাকি হ'ল। মোৰ তেতিয়া কাৰো লগত আলাপ, বিলাপ বা প্ৰলাপত যোগ দি কন্দলৰ দুৰ্য্যোগ চপাই আনিবৰ ইচ্ছা নাছিল। কিন্তু তেওঁ সহজে আঁতৰা ভকত নহয়, মই শুনিব নোখোজাতো তেওঁ অনৰ্গল বলকি যাবলৈ ধৰিলে। তেওঁ হেনো মঙ্গললৈকো গৈছিল। তাত মানুহ বৰ বেচি, তেওঁলোক অশ্বিনীকুমাৰৰ বংশৰ। তেওঁলোকৰ নাক-মুখ দীঘল, বৰণ ৰঙ্গা, ভৰি খুৰা-লগা, গাৰ নোম দীঘল আৰু ঘন। তেওঁলোকৰ আদি বাসস্থান বঙ্গদেশৰে কোনোবা এঠাইত আছিল, পিচত প্ৰবল প্ৰতাপী প্ৰতাপাদিত্যই তেওঁলোকক বঙ্গৰ বাহিৰ কৰি দিয়াত মঙ্গলত আশ্ৰয় লৈছে। বঙ্গৰ পৰা মঙ্গ আৰু তাৰ পৰাই মঙ্গল হৈছে ইত্যাদি।

 মই নামাতো বুলিয়েই আছিলোঁ, কিন্তু অসাৱধানতাৰ কাৰণে হঠাৎ মুখৰ পৰা ওলাই গ'ল—“মঙ্গল গ্ৰহৰ ভাষা কি?”