পৃষ্ঠা:আত্মানন্দৰ আত্মকাহিনী.pdf/৬৩

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫৭
চৰ্পতৰ গুণ।


আপোনালোকৰ উপৰি পুৰুষসকল জলচৰ আছিল, আৰু সেই সময়তে কাৰবাৰ খেৱালি জালত পৰি কোনো কোনো জন স্থলচৰ হবলৈ বাধ্য হৈ আন দেশত আশ্ৰয় লব লগাত পৰিছিল। কিন্তু সেয়ে হলেও, তেওঁলোকৰ কিবা ভাষ৷ আছিল নে নাই তাক ঠাৱৰোৱা টান। হব পাৰে তেওঁলোকেই

মৎস্যৰূপে অৱতাৰ ভৈলা প্ৰথমত।
উদ্ধাৰিলা চাৰি বেদ প্ৰলয় জলত॥

 কিন্তু আনে অনুমান কৰে, যে সাগৰৰ তলিৰ পৰা আপোনালোকৰ দেশখন ওপৰলৈ ওলোৱাৰ লগে লগে ওচৰৰ কামৰূপৰ মানুহে তাত পাম লবলৈ ধৰিলে, মগধ আৰু উৰিষ্যাৰ পৰাও যে দুই চাৰিজন ন-পমুৱা মানুহ তাত বহা নাছিল, এনে নহয়। এই সকলোবোৰ মিহলি হৈয়েই বঙ্গালী আৰু বঙ্গলা-ভাষা গঢ়িলে বুলি ভূতত্ত্ব আৰু পুৰাতত্ত্বৰ ভূ-ৰখাসকলে কয়। মুঠতে বঙ্গালী আৰু বঙ্গলা ভাষাৰ বাৰ অনা অসমীয়া বুলি এই দল লোকে বুকু ফিন্দাই কবলৈ ওলায়। এতিয়া এই দুই মতৰ কোনটো গধুৰ জুখি নোচোৱাকৈ এটাক তুলি লবলৈ টান পাইছোঁ। আপুনি কি কয়?”

 বাবুজনে একো একোবাৰ কোৱাৰি চেলেকি মোলৈ টেলেকা টেলেকি কৈ চাই কিছু সময় মনে মনে থাকিল। মোৰ কথা শেষ হোৱাৰ লগে লগে মুখেৰে ওঁ আঁ একো নকৰাকৈ তেওঁ ঘপহ কৰে উঠিল, আৰু বাওঁহাতেৰে চুৰীয়াখন খামুচি ধৰি খৰ খোজেৰে অদৃশ্য হৈ গ'ল।