পৃষ্ঠা:আত্মানন্দৰ আত্মকাহিনী.pdf/৬২

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫৬
আত্মানন্দৰ আত্মকাহিনী ।


এপাক ঘুৰিলোঁ আৰু বাঙ্গালী পৰিব্ৰাজকে ৰেলত যাওঁতে যাওঁতেই অসম দেশৰ আচাৰ-ব্যৱহাৰ, ভূগোল-বুৰঞ্জী, ভাষা-সাহিত্য আদি আয়ত্ত কৰাৰ দৰে ময়ো চন্দ্ৰলোকৰ তলা-নলা সকলো বুজি পেলালোঁ। তাত হেনো আগেয়ে মানুহ-দুনুহ, গছ-গছনি একো নাছিল, মুঠেই ম'হৰ মূৰৰ শিঙ্গৰ দৰে মাজে মাজে পৰ্ব্বতৰ টিং দেখা গৈছিল। আজিকালি যিবোৰ ঘৰ-দুৱাৰ ফুলনি-শাকনি দেখা যায়, সেইবোৰ পৃথিবীৰ পমুৱা মানুহে কৰা। আন কি পানী আৰু বতাহো বোলে ডাঙ্গৰ ডাঙ্গৰ লোহাৰ চুঙ্গাত ভৰাই পৃথিবীৰ পৰা হে আনিছে। এজন বঙ্গালী ভদ্ৰলোকে কলে, যে পৃথিবীৰ প্ৰায়বোৰ জাতিৰে উপৰি পুৰুষ যেনেকৈ বঙ্গালী অৰ্থাৎ বঙ্গালী পমুৱা মানুহৰ পৰাই যেনেকৈ পৃথিবীত নানা জাতি আৰু নানা ভাষাৰ উৎপত্তি হৈছে, আন আন গ্ৰহ-উপগ্ৰহতো তেনেকৈয়ে বঙ্গালীয়েই হে প্ৰথমে উপনিবেশ স্থাপন কৰিছে।

 মই তেওঁ কোৱা কথাখিনিৰ অৰ্থ ভালকৈ হৃদয়ঙ্গম কৰিব নোৱাৰি কলো—“মহাশয়, এটা কথাত দেখোন মোৰ খোকোজা লাগিছে।”

 বঙ্গালী।— “কি?”

 মই।— ব্ৰহ্মপুত্ৰ আৰু গঙ্গাই উত্তৰৰ ধূলি-বালি কঢ়িয়াই আপোনালোকৰ দেশখন গঢ়া দেখোন বেচি দিন হোৱা নাই। তাৰ আগতেই আন আন দেশত মানুহ থকাৰ চিন-ছাব, ৰজা-মহাৰাজৰ নাম-গোন্ধ, ভাষা আৰু সাহিত্যৰ প্ৰতিপত্তি বিস্তাৰ পোৱা যায়। আপোনাৰ কথা যদি সঁচা, তেন্তে এইটোও সঁচা, যে পূৰ্ব্বকালত