ঘোৰাৰ দৰে জাহাজখনে বিস্বাশবদে উৰণ মেলিলে; মই গুৰুজনাৰ নাম লৈ অজগৰ পৰা দি পৰি ৰ'লোঁ। অলপ বেলিৰ মূৰত মোৰ ভয় ভাগিল, এনে হে লাগিল যেন জাহাজ একে ঠাইতে আছে, পৃথিবীখন হে আমাৰ ওচৰৰ পৰা তল ফাললৈ লৰ মাৰিছে।
এইদৰে গৈ বাটৰ সোঁ মাজ পালোঁগৈ; তাতে ওভতগোৰে ওলোম ধোলোম হৈ থকা ত্ৰিশঙ্কুৰ লগত সাক্ষাৎ হ'ল।
লাহে লাহে পেটৰ ভোকত কলমলনি লাগিল, আৰু তাক অলপ শাম কটাবৰ নিমিত্তে জাহাজৰ দোকানৰ পৰা দুটা গৰীয়া আলু কিনি লৈ কামুৰিবলৈ লাগিলোঁ। একে জাহাজতে যোৱা দেওবৰ অধ্যাপক, মনবৰ গাওঁবুঢ়া, গেৰেলা তহচিলদাৰ, চেৰেলা ভট্টাচাৰ্য্য প্ৰভৃতিয়ে তাতে খালচী-ঠাকুৰৰ-চাউল আৰু মঙহ সিজোৱা কিনিলৈ দকচি বহাই দিলে; অথচ এই কেইটা মানুহেই উৰীয়া বামুনৰ হাতে কলিকতাত ভাতখোৱা কলেজৰ ছাতৰ এজনক একুৰি টকালৈ পৰাচিত কৰা আত্মানন্দৰ অবিদিত নহয়। মই তেওঁলোকৰ লগ নোলোৱা দেখি ওপৰত কোৱা বিধৰ ঠাকুৰ এজন চাপি আহি মোলৈ প্ৰশ্নৰ ফৰ্ম্মুটি মাৰিলে। মই তাৰ উত্তৰত একো নকৈ গোঁফত তাও দি ভ্ৰূকুটি প্ৰদৰ্শন কৰিলোঁ মাথোন। আকৌ কিবা প্ৰশ্ন কৰিলে খকৰা মুকুটিৰ সমিধান পোৱাৰ আশঙ্কাত খালচী ঠাকুৰে থিতাতে পুলুকা মাৰিলে আৰু ময়ো দুয়োটা আলু চোবাই তহিলং কৰি পেটৰ পোৰণিৰ অন্ত পেলালোঁ।
এঘাৰ ঘণ্টা ঊনৈশ মিনিটত তেৰ চেকেণ্ডৰ পাচত জাহাজখন গৈ চন্দ্ৰত উপস্থিত হ'ল। জাহাজ ৰ'লত মই নামি ষ্টেচনতে