পৃষ্ঠা:আত্মানন্দৰ আত্মকাহিনী.pdf/৬০

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫৪
আত্মানন্দৰ আত্মকাহিনী ।


কৰিলোঁ ক'ব নোৱাৰোঁ; সম্ভৱতঃ মোৰ মূৰটো ঘূৰিবলৈ ধৰিছিল।

 হঠাৎ এখন জাহাজ আহি মোৰ ওচৰত লঙ্গৰ পেলালে। মই আচৰিত মানিলোঁ। ইমান দিন মোৰ বিশ্বাস আছিল, জাহাজ পানীত হে চলে, কিন্তু আজি দেখোন সি কলীয়া উকীলৰ ফুলনি বাৰীতে সোঁ শৰীৰে উপস্থিত।*[] মই একোকে বুজিব নোবাৰি এটা ক’লা ঠেঙ্গা-চোলা পিন্ধা মানুহক তাৰ আঁতি-গুৰি সুধিলোঁ। সি লেব-লেবাই দোৱান দিবলৈ ধৰিলে। যদিও ম‍ই তাৰ আটাইখিনি কথা ধৰিব নোৱাৰিলোঁ, তথাপি এইটো বুজিলোঁ, যে অলপ সময়ৰ ভিতৰতে জাহাজখন চন্দ্ৰলৈ ৰাওনা হ'ব। মই তাক নিতান্ত গৰ্দ্দভ ঠাৱৰাই আকৌ এটাক প্ৰশ্ন কৰি ঠিক সেই সমিধানকে পালোঁ। অলপ গমি-গপি তাকো আগৰটো দীৰ্ঘকৰ্ণৰে সৈতে একেটা আস্তাবলতে সুমুৱাই এইবাৰ মকৰা-জাল যেন ধুতী আৰু মহছাল যেন চোলাপিন্ধা গুফীয়া পেটুৱা মহাকায় এজনৰ কাষ চাপিলোঁ। কিন্তু অ' হৰি! এৱোঁ দেখোন সেই একে কথাকেই কয়! তেনেহলে জাহাজ সচাকৈয়ে চন্দ্ৰলৈ যাব নে কি? মোৰ মনত উগুল থুগুল লাগিল, আৰু শেহত চন্দ্ৰত এপাক মাৰি আহিবলৈ ধাউতি উপজিল। তেতিয়া টিকট ঘৰ বিচাৰি এটকা এক অনা এপাই গাঁঠিৰ ধন ভাঙ্গি টিকট এটা লৈ সেই আকাশী ভাপনাৱৰ গৰ্ভত প্ৰবেশ কৰিলোঁ। অলপ পাচতে সাধুকথাৰ পক্ষিৰাজ

  1. তেতিয়া উৰা জাহাজৰ প্ৰচলন হোৱা নাছিল।