পৃষ্ঠা:আত্মানন্দৰ আত্মকাহিনী.pdf/৫৯

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫৩
চৰ্পতৰ গুণ ৷


উকীলে কলে,— “বাৰু আনবোৰ খাব নালাগে, গা বেয়া লাগিছে যদি এই চৰ্পতখিনি খাই দিয়ক, এতিয়াই ভাল লাগি যাব,আৰু টোপনি খতি কৰাৰ গমকে নাপাব।”

 “অচিন কাঠৰ ঠোৰাকে৷ নলগাবা” বুলি কোৱা বুঢ়ালোকৰ বচন সুৱঁৰি সিমানতো ম‍ই পিচ হোহঁকা দিছিলোঁ, কিন্তু সাৰিব নোৱাৰিলোঁ। উকীলে ইমানকৈ টানি ধৰিলে, আৰু তেওঁৰ লগৰীয়া দলে মোৰ ভয় দেখি এনেভাবে মতামত প্ৰকাশ কৰিলে, যে শেহত দুয়ো পক্ষৰে মান ৰক্ষা কৰিবলৈ বুলি বাওঁহাতেৰে নাকটো টিপা মাৰি ধৰি সোঁহাতেৰে গিলাচটো তুলি পানীখিনি কোট কোট কৰে পি পেলালোঁ। তাৰ পাচত তেওঁলোকৰ আৰ্হিতে বগা কাগজেৰে মেৰিওৱা চেলেউ বোলা মহুৰা-কাঠী যেনে ধপাতৰ শলা এটাৰ মুখাগ্নি কৰি পাচফালে দীঘলীয়া হোপা লগাই গোটেই খোটালিটো ধোৱা-কোঁৱা কৰি পেলালোঁ। অলপ পাচতে তেওঁলোক আকৌ ৰভা-“তললৈ গ'ল আৰু নৰ্ত্তকীৰ লগত জোৰ পাতি বীভৎস নৃত্যত উন্মত্ত হৈ উঠিল। মোৰ গাটোও থৰক-বৰক লগা যেন পালোঁ, গোটেই গা ঘামিবলৈ ধৰিলে। গাপত তত নাপাই গাৰ ওপৰছোৱা দিগম্বৰ কৰি হেলেং-পেলেং কৈ ফুলনিৰ ফাললৈ খোজ ললোঁ। তাত এজোপা গাছৰ তলত আউজি বহিব পৰা কাঠৰ চাং এখন আছিল; তাৰ কোঁচতে মই মোৰ গোটেইটে৷ শৰীৰ সমৰ্পণ কৰিলোঁ। চৰ্পতৰ গুণতেই নে কি, মোৰ গাৰ ৰস সোপাই উতলি উঠিল, আৰু মুখৰ পৰা নবৰসযুক্ত বক্তৃতা ওলাবলৈ ধৰিলে। লাহে লাহে মোৰ গাটো দাঙ্গিব নোৱৰা হ'ল। মই কি