পৃষ্ঠা:আত্মানন্দৰ আত্মকাহিনী.pdf/৫৮

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

আত্মানন্দৰ আত্মকাহিনী । প্রেয়-সঙ্গীত গাই, চকুৰে কেৰাহিকৈ চাই, বিবিধ ভঙ্গীৰে নাচি বাগি, চাওঁতাৰ হিয়াকৰিখন ছাই কৰি অনঙ্গ বোপাৰ কাম পাতলাই দিছিল। এই তিনি মোহিনীৰ মোহনীত পৰি নতুন হৰমোহনৰ সৃষ্টি হোৱাৰ আগন্তুকে৷ দেখা গৈছিল হে। তেহেলেই যেয়ে ফি কৰে কৰক, কিন্তু মই কৰে৷ কি ! আন সমজুৱাৰ লগ লবলৈ মোৰ যে নাক-কাণৰ লগত এতিয়াও সম্পর্ক ছিগা নাই। আন উপায় নেদেখি লাহেকৈ ওলাই আহিবলৈ ধৰোঁতেই উকীলৰ অমৰা গুটীয়া টেলেকা চকুৱে মোক ধৰা পেলালে, আৰু খোটালি এটাৰ ভিতৰলৈ মাতিলে । তেওঁৰ কাষ চাপি বিদায় লৈ ফালৰি পাৰিবলৈ হওঁতে মোৰে৷ মনটো আছিল । নাইবা ৰঙ্গালয় এৰি ভিতৰলৈ তেওঁৰ আহ্বান পাই সেই ৰভাতল সোমাই গলোঁ, আৰু উকীলৰ অনুৰোধ ৰাখি মাচিয়৷ এখনত শৰীৰটো স্থাপন কৰিলে। । সম্মুখত এখন মেজ, তাৰ চাৰিও কাষে কেইবাজনো হাকিম, উকিল। মেজত খোৱাবস্তু, বটলৰ পানী, গিলাচ আৰু চেলেউ। তেওঁলোকে সকলোৰে ভাগ ললে, আৰু এভাগ মোলৈকো আগ বঢ়ালে। কিন্তু তাৰ যি হে ভেকেটা-ভেকেট গোন্ধ, মই তাক গ্ৰহণ কৰা হে নালাগে তাত বহি থাকিবলৈকে টান পাইছিলোঁ । মই একোকে স্পর্শ নকৰা দেখি উকীলে কলে,—“কি কৰে, নধৰে কিয় ?” ইমানবোৰ ভদ্ৰলোকৰ আগত মোৰ মনৰ কথাটো ভাঙ্গি কলে ময়ে হে অভদ্ৰ হব লাগিব বুলি ভাবি অলপ আওপকীয়াকৈ কলোঁ, —“মোৰ গাটো দেখোন কেনেবা কেনেবা লাগিছে ; আপুনিয়েই মোৰ ভাগো ধৰক । ”