মই কলো,—“আপোনালোকৰ দণ্ডবিধি আইনখন অদ্ভুত। ই পহুনামক নিতান্ত নিৰ্দ্দোষ দুটা জন্তুক মাৰি মঙ্গহ পৰ্য্যন্ত খাই জীণ নিয়ালে, তথাপি কোনো শাস্তিৰ ব্যৱস্থা নহল; অথচ সি এটা মাত্ৰ মানুহনামক জন্তুক আধ মৰা কৰি ৰূপ এশ নিওঁতেই দণ্ডৰ যোগ্য হ'ল! ই কেনে বিচাৰ?
দাৰোগা।—আপুনি মানুহ আৰু পহুক একে কৰিব খোজে নে কি?
মই।—আকৃতিত একে কৰিব নোখোজোঁ; কিন্তু দুয়ো যে জন্তু-জাতীয় আৰু দুয়োৰে জীবনৰ মূল্য একে, সেইটো হলে চিঞৰি চিঞৰি কব খোজোঁ। আপোনালোকৰ মতটো খৃষ্টানৰ হব পাৰে, কিন্তু হিন্দুশাস্ত্ৰই সকলো জীৱকে ব্ৰহ্ম বুলিছে। সেই কাৰণে, হয় যাৰ বল আছে তাক দুৰ্ব্বলবিলাকক মাৰিবলৈ অধিকাৰ দিব লাগিব, নহয় পহুমৰীয়া, বাঘমৰীয়া, সাপমৰীয়া, গৰুছাগলী—কুকুৰা-গাহৰি — হাঁহ-পাৰমৰীয়া সকলোকে মানুহ- মৰীয়াৰ সমানে শাস্তি দিয়া উচিত হব। মোৰ ক্ষমতা থকা হলে বৰ্ত্তমান প্ৰচলিত সকলোখিনি বে-আইনী আইন গোটাই তাহানিৰ জন্মেজয়র সৰ্প-যজ্ঞৰ দৰে ব্যৱস্থামেধ যজ্ঞ পাতিলোঁহেঁতেন।
মোৰ কথা দাৰোগাৰ মতেৰে নিমিলিল। তেওঁ বিৰক্তিৰ সুৰেৰে কলে,—“আপুনি কিবা পগলাৰ দৰে কথবোৰ কৈছে!”
⸻