কাহিনী—নম্বৰ আঠ।
দণ্ডবিধি-আইন।
( ১৮৪৮ শক )
এদিন এজন পুলিচৰ দাৰোগাৰ ঘৰত বহি কিবা লেব-লেবাই আছিলোঁ। এনেতে চিকাৰী এটাই পহুৰ পীৰা এটা আনি দাৰোগাক দি ক'লে,—“কালি চিকাৰলৈ গৈছিলোঁ; দুটা পহু মাৰিলোঁ; এশমান ভাগ কৰিব লগা হ'ল; আপোনালৈকো অলপ লৈ আহিলোঁ। দাৰোগাই আগ্ৰহেৰে পীৰাটো লৈ হাঁহি মুখেৰে চিকাৰীটোক বিদায় দিলে।
অলপমান বেলিৰ মূৰত দাৰোগাই ক’লে,–“আজি কাছাৰীলৈ যাব লাগিব, এটা ডকাইতি মকৰ্দ্দমা আছে। এটা মানুহে আন এটা মানুহক মৰিয়াই আধামৰা কৰি পেলাই থৈ, তাৰ লগত থকা এশ ৰূপ লৈ পলাই গৈছিল, পিচে বহু প্ৰবন্ধেৰে হে তাক ধৰা পেলালো।”
মই সুধিলো,—“মানুহটোক ধৰিলে কিয়?” দাৰোগা অলপ আচৰিত হৈ ক'লে,—“ নধৰি এৰিব পাৰি নে? এনে ডকাইতৰ কাঠোৰ শাস্তি হবই লাগিব, নহলে মানুহ থাকিব কেনেকৈ?”
মই তেতিয়া দুটাকৈ পহু মৰা চিকাৰীটোৰ কি শাস্তি হব শুধিলোঁ। তেওঁ কলে,—“তাৰ শাস্তি হব কিয়? তাৰ লাইচেন্স আছে।”