দিগ্গজসকল, হে মোৰ সনাতনী ভ্ৰাতৃবৃন্দ, উত্তিষ্ঠত জাগ্ৰত। পূৰ্ব্বপুৰুষৰ বিধান মানি তেওঁলোকৰ আৰ্হি অনুসৰণ কৰি, এই নিয়মবিলাক পুনৰ্জ্জীৱিত কৰা, ধৰ্ম্মৰ মৰ্য্যাদা ৰক্ষা কৰাঁ, দেশ উদ্ধাৰ কৰাঁ, ধৰ্ম্মৰ ডিঙ্গিত পঘা লগোৱাঁ।”
মই ইমানখিনিলৈকে মাথোন লিখিছোঁ, এনেতে অধ্যাপক সমন্বিতে পূৰ্ব্বাক্ত দল বসুমতী টলবল কৰি মোৰ ওচৰত উপস্থিত। মই ইয়াৰ ভিতৰতে লাগি যোৱা দেখি অধ্যাপকৰ আনন্দৰ পাৰ নোহোৱা হল, কিন্তু কাষ চাপি যেতিয়া মোৰ লিখাখন পঢ়ি চালে, তেতিয়া সেই হাঁহিভৰা মুখখন কেহৰাজ বটা যেন হ’ল, গা থৰক-বৰক লাগিল। মোলৈ পোন্দোৱাকৈ চাই ভগা ঢোলৰ মাত যেন মাতেৰে কৈ উঠিল,—-“আপোনাক সনাতনী দলৰ লোক বুলি হে ইমানকৈ খাটনি ধৰিছিলোঁ, এতিয়া দেখিছো আপুনি গান্ধীতকৈও ডাঙ্গৰ মেলেছ। আপোনাৰ সাহায্যৰ আমাৰ প্ৰয়োজন নাই, কিন্তু মনত ৰাখিব, আপোনাৰ এই ইস্তাহাৰ প্ৰকাশ কৰিবৰ হলে আপোনাৰ ভাল নহব।”
এইদৰে কৈয়েই অধ্যাপক সদলে ওলাই গ'ল, মই তেওঁৰ এই খংটোৰ কি কাৰণ হব পাৰে বুজিব নোৱাৰি ভেবা লাগি চাই থাকিলো। কোনো কথা সুধিৰলৈ নৌ পাওঁতেই তেওঁলোক ভালেখিনি আঁতৰ হল, মই আৰু তেওঁলোকৰ কোনো কথা শুনিবলৈ সুবিধা নাপালোঁ, মাত্ৰ তেওঁলোকৰ পিচে পিচে লৰা এমখাই চিঞৰি গাপ যোৱা শুনিলোঁ,——
“সালিকৰি সনাতন, কপৌ মহাজন;
ফেঁচা খৰিভাৰী, কোকোলোঙা হিলৈদাৰী।”