পৃষ্ঠা:আত্মানন্দৰ আত্মকাহিনী.pdf/৫৩

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪৭
সনাতন ধৰ্ম্ম।


বাপুৱে একোটা গৰু হাড়ে মূৰে অকলৈ গত লগাইছিল। বৰ্ত্তমান এই প্ৰথা লোপ পাই আহিছে।

 (৩) আগৰ দিনত সাধাৰণতঃ গাভৰু নহলে ছোৱালীৰ বিয়া নহৈছিল; আন কি, গাভৰু ছোৱালীয়ে নিজে দৰা বিচাৰি লোৱাৰ প্ৰথাও আছিল। এতিয়া তাৰ ব্যতিক্ৰম ঘটিছে।

 (8) ৰজা মানুহৰ বংশ ৰক্ষা কৰিবলৈ ক্ষেত্ৰেৰ পুত্ৰ জন্মোৱাৰ প্ৰথা প্ৰাচীন কালত আছিল, আজি কালি তেনে প্ৰথাৰ প্ৰকাশ্যে প্ৰচলন নাই।

 (৫) বিধবা বোৱেকক দেওৰেকে বিয়া কৰোৱাটোও এটা আগৰ কালৰ নিয়ম, গতিকে সনাতন প্ৰথা।

 (৬) বিখ্যাত চন্দ্ৰবংশৰ ৰজাসকলৰ গাত বামুণ, ক্ষত্ৰিয়,সূত, কৈৱৰ্ত্ত, নগা, ৰাক্ষস আদি নানা জাতীয় লোকৰ তেজ মিহলি হৈ বংশটো পৰিত্ৰ কৰিছিল, অৰ্থাৎ সেই কালত বৰ্ণসঙ্কৰ অপবিত্ৰ নাছিল।

 (৭) স্মৃতিমতে লা, লোণ, গাখীৰ, ঘিউ, মৌ আৰু মাংস বেচিলে বামুন শূদ্ৰ হয় আজিকালি দোকান দি বহুতো বামুণে এইবোৰ বেচে, সেইবোৰৰ ঠাই শূদিৰৰ লগত।

 ওপৰত লিখাৰ নিচিনা বহুতো সুনিয়ম আৰ্য্যহিন্দুসকলে তেওঁলোকৰ সমাজত চলাইছিল। আজি সেইসকলৰ পো-নাতিসকলে উপৰি পুৰুষৰ এনে সনাতন প্ৰথা বৰ্জ্জন কৰি ধৰ্ম্মৰ গ্লানি উপস্থিত কৰিছে। এতেকে, হে আৰ্য্যবংশাবতংস হিন্দুসকল, হে বিদ্যাবাৰিধি শাস্ত্ৰবিশাৰদবৰ্গ, হে তৰ্কচঞ্চু–কাকচঞ্চু আদি