পৃষ্ঠা:আত্মানন্দৰ আত্মকাহিনী.pdf/৫২

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

৪৬ আত্মানন্দৰ আত্মকাহিনী । অধ্যাপক । বাৰু, তেন্তে আমি এতিয়া যাও; আকৌ “আবেলিলৈ আহিম । ঈশ্বৰে আপোনাৰ মঙ্গল কৰক । এইদৰে কৈ সনাতনী দল গল, ময়ো ৰক্ষণ পৰিলো । - লৰালৰিকৈ গোসাঁই ঘৰৰ কামফেৰা সমাধা কৰি ৰান্ধনী ঘৰলৈ -গলে । তাত যতনাই থোৱা ডাইল-আঞ্জা, ভাজা-পোৰা, দৈ-গুৰ 'আদিৰে একাহী ভাত উদৰস্থ কৰি এখন্তক বিশ্রাম অর্থাৎ 'বিছনাত -পৰিশ্ৰম কৰা গ'ল । তাৰ পাচত মেজৰ ওচৰলৈ আহি তুলাপাত এখনত এনেকৈ আৰম্ভ কৰিলে।—— “যেহেতু সনাতন হিন্দুধৰ্ম্মই হিন্দুকুশ পাৰ হবৰ মতলব কৰিছে, আৰু মহাত্মা গান্ধীয়ে তাক খেদি নি কলীয়া পানীত মেলিবলৈ কাৰবাৰ লগাইছে, সেই হেতুকে আমিও তাক ৰক্ষা কৰিবলৈ প্ৰাণ টাকি যুঁজিব লগা হৈছে। তেওঁলোকৰ চেষ্টা ৱিফল কৰি বৈদিক যুগৰ নিয়ম প্ৰণালীত খামোচ মাৰি ধৰিবলৈ সকলে প্রকৃত সনাতনী সষ্টম হোৱা উচিত। সেই নীতি-নিয়মবিলাকৰ গোটাচেৰেক -সৰ্বসাধাৰণৰ অৱগতিৰ অৰ্থে তলত টুকি দিয়া হ'ল ৷ (১) আর্য্যহিন্দুসকলে বৈদিক যুগত গৰু-মহ, ঘোৰা হাতী, উট-গাধ, বাঘ-বৰাকে আদি কৰি বিবিধ জাতীয় জন্তুৰ মঙহ খৰিকাত দি 'শুকুৱাই, নাইবা গোটে গোটে জুইত পুৰি লৈ দকচি ... ভোজন কৰিছিল। সেইবোৰ এৰি দি হিন্দুবিলাক অহিন্দু হৈ পৰিছে (২) আগৰ দিনত কাৰবাৰ ঘৰলৈ শ্রোত্রিয় ব্রাহ্মণ আলহী আহিলে গোহালিৰ ভিতৰৰ আটাইতকৈ ভাল দমৰা বা গাইজনী - মাৰি আলহীক খুওৱা ধৰ্ম্ম আছিল, আৰু তেনে অৱস্থাত আলহী