পৃষ্ঠা:আত্মানন্দৰ আত্মকাহিনী.pdf/৫১

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

সি ধৰ্ম্ম নহয়, ৰিপু হে । কৈছোঁ ৷ সনাতন ধৰ্ম্ম । 80 আমি সনাতন হিন্দুধৰ্ম্মৰ হে কথা মই।—আপোনালোকে নো কোনটো সনাতন ধৰ্ম্ম বুলিছে ? অধ্যপক ।—শ্রুতি-স্মৃতিত যিবোৰ নীতি-নিয়ম, আচাৰ ব্যৱহাৰ, সাধন-ভজন, আহাৰ বিহাৰৰ ব্যৱস্থা আছে, তাক পূৰাকৈ মানি চলাটোৰেই সনাতন ধৰ্ম্ম ; কিয়নো সেইবোৰ স্বয়ং ঈশ্বৰৰ বাণী । সেই বিলাকৰ অলপো হেৰ-ফেৰ হব নোৱাৰে, হলেই সনাতন হিন্দুধৰ্ম্ম ৰসাতললৈ যাব ৷ সেই কাৰণে তাক ৰক্ষা কৰিবলৈ সকলো উপায় অৱলম্বন কৰিব লাগে । মই।— অ’ সেইটো হে কথা ! তেন্তে সি বৰ বঢ়িয়া কথা । এতিয়াই মই আপোনালোকৰ আগে আগে লৰি যাম। কিন্তু চাব, যেন আপোনালোকে আদ বাটতে ফালৰি কাটি হাবিত নোসোমায়। অধ্যাপক। -আপুনি সেইটো মনলৈকে নানিব । আমি সকলোৱে আপোনাকে আমাৰ নেতা পাতিৰ খুজিছে৷ ৷ আমাৰ সর্ববভাৰসা আপোনাৰ ওপৰতে । মই।-- অতি সজ কথা ৷ পুৰণি নীতি-নিয়মত মোৰ বৰ আস্থা ৷ আপোনালোকে। যে মোৰ দলৰে, সেইটো ইমান দিন ভবাই নাছিলো, নতুবা মাহাত্মাক ওফৰাই পেলাবলৈ কেতে পৰ ! মই ভাত খাই উঠিয়েই লাগি যাম । এতিয়া আপোনালোক যাওক । যাতে সকলো মানুহ পুৰণি নিয়ম-কাৰণ মানি চলে, তাৰ নিমিত্তে এখন বিস্তৃত ইস্তাহাৰ লিখি জাৰি কৰিব লাগিব । তাত আপোনা- লোকৰো চহি থাকিব লাগিব ৷