প্ৰকাশকৰ নিবেদন।
শ্ৰীযুক্ত আত্মানন্দ আচাৰ্য্যৰ কাহিনীৰ যদিও লেখ-জোখ নাই,তথাপি তাক তেওঁৰ পৰা সৰকোৱা সহজ কথা নহয়। আজি বহুত দিন টাকুৰী ঘূৰা দি ঘূৰিও তেওঁ বোলে বজাৰৰ ফৰ্দ্দৰ লগত ধনৰ মোনাৰ সমতা ৰক্ষা কৰিবৰ ক্ষমতা লাভ কৰিব পৰা নাই। তাৰ ফলত, আত্মকাহিনী কাকতত লিখি ডাকত পঠাই ছপাই আনি, আন আন ছপা-কিতাপৰ জাকত মেলি দিবলৈ তেওঁ হেনো নিতান্ত অপাৰগ। আন নালাগে, তেওঁৰ সময়ৰ অভাব ইমান বেচি, যে নিতান্ত ঠেকত নপৰিলে কোনো কাহিনী বেকত কৰিবলৈকো তেওঁ আগ নাবাঢ়ে। আমি এক ডজন কাহিনীৰ এই প্ৰথম কিস্তি আদায় কৰিবলৈ যিমান পৰিশ্ৰম কৰিব লগা হৈছে, বোধ কৰোঁ, সিমান পৰিশ্ৰমেৰে শৰাইঘাটৰ দৰে এখন যুদ্ধকে জিনিব পৰা গ'লহেঁতেন। এতিয়া আমাৰ কাম শেষ হ’ল, বাকীখিনি ৰাইজৰ ভাগৰ। ৰাইজে যদি এই কাহিনীবোৰ সামৰি লৈ আচাৰ্য মহাশয়ৰ ধনৰ মোনাটো টনটনীয়াকৈ ভৰাই দি তেওঁক বানপ্ৰস্থ অৱলম্বন নকৰাকৈ ৰাখিব পাৰে, তেন্তে দ্বিতীয় কিস্তিও সোনকালে আদায় কৰিব পৰা যাব বুলি আশা কৰা যায়। সেইটো অৱশ্যে ৰাইজৰ ৰুচিৰ কথা; আমি মাত্ৰ ইয়াকে ক'ব পাৰোঁ যে আমাৰ খাটনি আৰু ভৰণিৰ বাবে লয় ৰাইজে গুণ ল’ব, নলয় যদিও ধৰম নো কলৈ যাব। ইতি।
১৪ শাওণ, ১৮৫৭ শক। |
প্ৰকাশক। |