এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪১
ছৰ্দ্দা-আইন ।
আইনৰ শক্তিৰ ভিতৰত নহয়। মুঠতে কওঁ, ভাবি-চিন্তি টোপনি খতি কৰাৰ সকাম নাই, অসমত বাল্যবিবাহ আৰু ছৰ্দ্দা আইন দুয়ো হাতত ধৰাধৰিকৈ চলিব পাৰে। অসমত ছৰ্দ্দা আইন ফৰ্দ্দা আইনৰ কোনো প্ৰয়োজন নাই। যদি নিতান্ত আইন নকৰিলেই নহয়, তেন্তে “চৈধ্য বছৰীয়া” গুচাই “পুষ্পৱতী” বা “যুৱতী” কৰক; তেতিয়া হ'লে আইনৰো মৰ্য্যাদা ৰয়, ছোৱালীৰে৷ জন্মৰ সাৰ্থকতা হয়।
দেউসকল, আপোনালোকৰ চাগৈ কাণৰ খজুৱতি উঠিছে গৈ। আন ফালে, মোৰ ইয়াত বহুতো পলম হ’ল। যি কামত আহিছিলোঁ, সি কিজানি ফাকতে সাৰিল। যি কি নহওক, ইমানতে বিদায় হে মাগিলোঁ”
এইদৰে কৈয়েই মই নবহাকৈয়েই গন্তব্য স্থানলৈ খোজ ললোঁ৷ সভাত কি প্ৰস্তাব গ্ৰহণ কৰা হ'ল তাৰ সংবাদ পোৱাও নাই, লোৱাও নাই।
⸻