পৃষ্ঠা:আত্মানন্দৰ আত্মকাহিনী.pdf/৪৬

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪০
আত্মানন্দৰ আত্মকাহিনী ।


 এইখিনি কথা আপোনালোকৰ প্ৰয়োজনলৈ লক্ষ্য ৰাখি হে কৈছোঁ। এতিয়া মোৰ নিজা কথাৰে তাৰ বাও খুৱাই নিদিলে সি লঠা হৈ থাকিব। সেই কাৰণে সামৰণিত মই কওঁ, যে অসম দেশৰ নিমিত্তে ছৰ্দ্দা আইনখন ভোমোলা বিন্ধা ওলোৱা পৰ্দ্দাতকৈও অধম। যেনেকৈ ভিতৰ-সুন্দৰীসকলে আলিবাটৰ মানুহৰ ওপৰত পেলোৱা দৃষ্টি তেনে পৰ্দ্দাই ৰোধ কৰিব নোৱাৰে, তেনেকৈয়ে ছৰ্দ্দা আইনে অসমৰ বাল্য-বিবাহৰ বাটত যিমানেই হেঙ্গাৰ ধৰক,কাকো বাধা দিব নোৱাৰে। ভাৰতবৰ্ষৰ বহুত ঠাইত ওপজা দিনাৰে পৰা আৰম্ভ কৰি দহ বছৰলৈকে ছোৱালী বিয়াত বহে; সেই কাৰণে ছৰ্দ্দা আইনৰ চোকা টেকেলাই সিহঁতৰ অতি সহজে ধৰিব পাৰে। দুই চাৰি বছৰীয়া ছোৱালী যে চৈধ্য বছৰীয়া নহয়, তাক প্ৰমাণ কৰিবলৈ হাবাথৰি থাব নালাগে। আমাৰ দেশৰ কথা বেলেগ। ইয়াত অব্ৰাহ্মণৰ কথাই নাই, ব্ৰাহ্মণৰ ঘৰতো ছোৱালী এঘাৰ বছৰৰ পৰা কুৰি বছৰলৈকে ( পিচৰতো অৱশ্যে ধনীৰ ঘৰত ) বালিকা হৈ থাকিয়েই বাল্যবিবাহ পুণ্য অৰ্জ্জনত মাক বাপেকক সাহায্য কৰে। সেই কাৰণে, চৈধ্যৰ ওপৰলৈ উঠাসকলে নিশ্চিন্ত মনে ছৰ্দ্দা আইন পাৰি বহিব পাৰে, আৰু এঘাৰ-বাৰ বছৰীয়াৰো হিচাপত চৈধ্য বছৰ তিনি মাহ উলিয়াই দিলে কাৰো আপুটিয়েকে নহয় বুলি শপত খাবলৈ গাত লব নোৱাৰে। চাই থাকোঁতেই একোজন দোকানীয়ে চৈধ্য-পোন্ধৰ ছটাকক পূৰা এসেৰ বুলি চলাই দিয়ে, তথাপি ভেবাৰাম গ্ৰাহকে তাক ধৰিব নোৱাৰে; তেনেস্থলত, দুই এবছৰৰ হেৰ-ফেৰ আবিষ্কাৰ কৰা ছৰ্দ্দা