পৃষ্ঠা:আত্মানন্দৰ আত্মকাহিনী.pdf/৪৫

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৯
ছৰ্দ্দা-আইন।


মুঠতে, শাস্ত্ৰ-ভাগৱত, যুক্তি-তৰ্ক সকলোৰে মূলত একেটা কথা,—প্ৰয়োজন। আজিৰ বক্তাসকলৰ বক্তৃতাতে৷ মই সেই একেটা সিদ্ধান্তকে হে পাইছোঁ। প্ৰথম বক্তাৰ বয়সে তেওঁক আকৌ মহা-হালধি সানিবলৈ নিদিয়ে। ইফালে ঘৰখনত ল'ৰা বুলিবলৈ তেৱেঁই, আৰু ছোৱালী বুলিবলৈকো তেওঁৰ বুঢ়ীয়েই মাথোন। সেই কাৰণে তেওঁ পোনেই আইন অমান্যতে ধৰিছে, কিয়নো তেওঁ আনক উচটাই দিয়াৰ বাহিৰে নিজে কেতিয়াও আইন অমান্য কৰিব লগাত নপৰে। দ্বিতীয় বক্তাৰ ছোৱালী আছে, সেই দেখি তেওঁ প্ৰথম বক্তাৰ কথাত হয় দিবলৈ সাহ— কৰিব পৰা নাই। ইফালে, সমাজলৈ কো ভয়। সেইদেখি মানুহৰ ছোৱালীক শিলগুটি পটাগুটি, ঢেকিঠোৰা, খুন্দনা আদিৰ লগত বিয়া দি শাস্ত্ৰ আৰু আইন দুয়োকে ফাঁকি দিবৰ ফিকিৰ বিচাৰিছে। ইয়াতকৈ জঘন্য প্ৰস্তাব যদিও হব নোৱাৰে, তথাপি নিজৰ ফালৰ পৰা তাত তেওঁৰ প্ৰয়োজন আছে।

 মুঠতে সমাজ আৰু ধৰ্ম্ম-সম্বন্ধীয় বিষয়ত যাৰ যিটো প্ৰয়োজন তাক তেনে আইনকে লাগে। আজিৰ মেলৰ মেলুৱাইসকলৰ প্ৰয়োজনলৈ চাই ছোৱালীৰ বিয়াৰ বয়স দুই বা তিন বছৰ হলেই যথেষ্ট হয়। সেই কাৰণে মই কওঁ, মিছাতে শাস্ত্ৰবিলাক আজুৰি পিজুৰি তাৰ জয় ঘণ্টা নালাৰিব; আপোনালোকৰ যিহৰ প্ৰয়োজন তাক সিদ্ধ কৰিবলৈ আয়োজন কৰক। তিৰুতাৰ সুবিধা-অসুবিধা ইয়াত নাভাবিলেও হ'ব; কিয়নো, ইয়াত কোনো তিৰুতা উপস্থিত নাই।