পৃষ্ঠা:আত্মানন্দৰ আত্মকাহিনী.pdf/৪৪

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৮
আত্মানন্দৰ আত্মকাহিনী।


যে কেতিয়াবা নিওঁতা নোহোৱ৷ অৰক্ষণীয়া ছোৱালী ওলাই তেওঁলোকক মালা দিয়েই কি জানি। যদি ছৰ্দ্দা আইন চলি যায়,তেন্তে এওঁ লোকে গৃহাশ্ৰমৰ চাৰি চাপৰ বাহিৰতে খাৰলি খাব লাগিব।

 (২) বৰলা বৰডেকাসকলৰ আন নহলেও তামোল খুন্দিবলৈকে একো গৰাকী আইদেউৰ প্ৰয়োজন। কিন্তু বাল্য-বিবাহৰ জালখন ফাটি গলে, ৰাঘ-বৰালি ধৰাৰ আশা তো নায়েই, আন কি, কাণী পুঠী ধৰাৰো মূৰ মৰিব। সেই কাৰণে বালিকা বিবাহৰ ফটা জালখন ভালকৈ বাটি-বুটি লৈ খেও মৰা তেওঁলোকৰ কৰ্ত্তব্য।

 (৩) উপস্থিত সপত্নীক সমজুৱা কেইজনৰো সৰহ ভাগৰ যে সুবিধা পালে আকৌ হোমত বহিবৰ মন, তাকো অনুমানত বুজা গৈছে। কিন্তু কেচুৱা ছোৱালীৰ বিয়া বন্ধ হলে তেওঁলোকৰ ভাগত ফুটুকাৰ ফেনসোপাৰ বাহিৰে আৰু কিবা পৰিব বুলি বুজা নাযায়।

 (৪) অচিনাকি কেইজনো যে এই তিনি শ্ৰেণীৰে কোনো না কোনো শ্ৰেণীত পৰিব, তাক বিশ্বাস কৰিবলৈ যথেষ্ট কাৰণ আছে।

 ডাঙ্গৰীয়া সকল, বেয়া নাপাব, ম‍ই যিটো বুজোঁ তাকেই কওঁ, তেহেলেই বামুণেই মৰক, বা লগুণেই ছিগক। চাওক, যিসকল লোকৰ বাল্যবিবাহেই হওক বা যৌৱন বিবাহেই হওক, দুয়োটাতে সমানে কাম চলে, তেওঁলোকৰ এজনো ইয়াত উপস্থিত হোৱা নাই। উপস্থিত হৈছে, ঘাইকৈ সৰু ছোৱালীৰ বিয়াৰ নিয়ম নাথাকিলে যিসকলে বৰলা ভাত খাই থাকিব লগাত পৰিব।