কামমামৰণাত্তিষ্ঠেদগৃহে কন্যৰ্ত্তূমত্যপি।
ন চৈৱৈনাং প্ৰযচ্ছেদ্বৰায় গুণহীনায় কৰ্হিচিৎ॥ মনু।
মুঠ কথা, হিন্দুশাস্ত্ৰ বেশ্যাৰ দৰেই উদাৰ, ই কাকো বঞ্চিত নকৰে। যাক যি লাগে সি তাকেই পাব। এতিয়া আমাক কোনটো লাগে সেইটোৱেই হৈছে প্ৰশ্ন। যদি বাল্যবিবাহ লাগে, তেন্তে যৌৱন-বিবাহৰ শ্লোকবিলাক আৰু বিয়াৰ বিধিখন প্ৰক্ষিপ্ত বুলি ফটা কাকতৰ পাচিত থ'ব লাগিব, আৰু যদি যৌৱন বিবাহ লাগে, তেন্তে বাল্যবিবাহ সমৰ্থন কৰা শ্লোকবিলাকৰো একে গতি সাধিব লাগিব। এতিয়া আজিৰ সভাত কোনটো গ্ৰহণ কৰা প্ৰয়োজন তাক কোৱাৰ আগতে সমজুৱাসকলক এবাৰ পিয়ল কৰি চোৱা উচিত। মই হিচাপ কৰি পাইছোঁ, সভাত উপস্থিত সমজুৱাৰ লেখ তিনি কুৰি তিনি। তাৰ ভিতৰত বিয়া নোহোৱা ডেকাৰ সংখ্যা এঘাৰ; আঢ়ৈ কুৰি তিনিকুৰি বছৰৰ ভিতৰত বৰলা ভাত খোৱা ঊনৈশজন। বাকী একুৰি তেৰজনৰ ভিতৰত একুৰি মোৰ অচিনাকি। অৱশিষ্ট তেৰ জনৰ মাথোন গৃহিনীসকল সধবা অৰ্থাৎ স্বামীৰ লগতে বৰ্ত্তমানা। এতিয়া এই কথাকেইটা ভালকৈ চালি জাৰি চালেই এই সভাৰ প্ৰয়োজন কি হোৱা উচিত ওলাই পাৰিব।
(১) যি সকল আবিয়ৈ ডেকা ইয়াত উপস্থিত আছে তেওঁলোকৰ সৰহ ভাগৰ ঘৰৰ কথা মই জানো। ভগা বাৰৰ অনুগ্ৰহত তেওঁলোকৰ সদায় কুকুৰে চৰু ছোৱে। সকাম-নিকাম, দান-দক্ষিণাৰ বিষয়তো তেওঁলোক ঢাপত গজা বিধৰ। সেই কাৰণেই তেওঁলোকৰ গাত এতিয়াও মাহ-হালধি সানিব পৰা নাই। আশা এয়ে,