পৃষ্ঠা:আত্মানন্দৰ আত্মকাহিনী.pdf/৪২

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৬
আত্মানন্দৰ আত্মকাহিনী ।

সিও পণ্ড হয়। তথাপি সমাজৰ ওচৰত অপদস্থ হোৱাৰ ভয়ত থিয় হৈ আৰম্ভ কৰিলোঁ,— ‘সভাপতি ডাঙ্গৰীয়া, আৰু মোৰ বৰ ডেকা সৰু ডেকা বান্ধসকল, মই যদি আগেয়ে জানিলোঁহেঁতেন যে আপনালোক ইয়াত মেলত বহিছে, আৰু এই বাটে দি অহা কাৰবাক পালেই ধৰি আনি জবাই কৰিব, তেতিয়া কোন গোসাঁয়ে মোক এইটো বাটে আনিলেহেঁতেন! কিন্তু কপালৰ লিখন ক’ত খণ্ডন যাব! কপালত এই ফেৰা লটি-ঘটি আছিল যেতিয়া সি ঘটিবই। সভাসমিতিত এনেয়ে মোৰ বক্তৃতা দিয়া অভ্যাস বৰকৈ নাই, তাতে বক্তৃতা দিব লাগিব বুলি আগ ধৰি গমো নাপালোঁ। পোৱা হলে, নিজে নোৱাৰিলেও কোনো কোনো কাউন্সিলৰ মেম্বৰে লোকৰ হতুৱাই বক্তৃতা লিখাই ফৰ-ফৰাই গাই দিয়া দি, ময়ো কাৰবাৰ হতুৱাই এহালিচামান বক্তৃতা তিনি চহ বোৱাই মৈয়াই তহিলং কৰি আনি ইয়াত মেলি দিলোঁহেঁতেন অৰ্থাৎ চমুকৈ কবলৈ হলে মুখস্থ কৰি আনি উকলিয়াই দিলোঁহেতেন। এতিয়া সেই অনাও দেলে যেতিয়া, অকল নিজৰ ফটামুখৰ বলৰেই বৰ মতা বোলাব লগাত পৰিলোঁ। জয়জয়তে কওঁ, যে আমাৰ এজন বক্তাৰ মুখত শাস্ত্ৰৰ ‘চোলোখ’ আখৈ ফুটা দি ফুটিছিল, কিন্তু স্মৃতি শাস্ত্ৰবোৰত তেওঁ মতাবোৰৰ সতিনীয়েক বহুতো আছে। কোনোবাই সেইবোৰ উলিয়াই দিবৰ হলে সিহঁতে বক্তাৰ বক্তৃতাৰ লগত চুলিয়াচুলি লগাই এই ঠাইক যে কাউৰীৰ বাহ কৰিব, তাত সন্দেহ নাই। মই নমুনা-স্বৰূপে তাৰে কঠালগুটীয়া এটি মাথোন অঙ্গুলীয়াই দিওঁ :—