-পট, গছ-লতা, পটা-গুটি, ঢেকিঠোৰা আদি সকলোৱেই বিষ্ণুৰ মূৰ্ত্তি। এতিয়া মানুহৰ বা জীৱিত প্ৰাণীৰ লগত বিয়া দিলে আইনে জগৰ ধৰিব, কিন্তু শিলগুটি-পটাগুটিৰ লগত বিয়া দিলে কোনেও ‘হোঃ চেল’ বুলিব নোৱাৰে; অথচ এইবোৰকে আগত লৈ “বিষ্ণু- স্বৰূপায় বৰায়” বুলিবলৈকো চল আছে। সেই কাৰণে মই প্ৰস্তাব কৰোঁ, পটাগুটি আদিৰ লগত বাল্য বিবাহ পাতি নৰকৰ পৰা উদ্ধাৰ হওঁ, আৰু মানুহৰ লগত যৌৱন-বিবাহ দি আইনৰ দোষৰ পৰাও সাৰোঁ। মই ডাঠি কওঁ, ইয়াতকৈ ভাল উপায় আপনালোকে আৰু বিচাৰি নাপায়; এতেকে সকলো মোৰ লগতে একে গুৰুঘৰৰ ভকত হওক।”
এওঁ ভূমিষ্ঠ হওঁতে কিন্তু দহজনৰ অধিক লোকক চাপৰি বজোৱা দেখা ন’গল। অনুমানত বুজিলোঁ, এই দহ জনৰ বিয়া দিব লগা ছোৱালী আছে।
মই এওঁলোকৰ গঢ়-গতি চাই, কেতিয়া সভাখন ভাগিব তাকে ভাবি উচপিচাই আছিলোঁ, এনেতে সভাপতি ডাঙ্গৰীয়া উঠি প্ৰস্তাব কৰিলে,—“মোৰ বিশ্বাস আচাৰ্য্য মহাশয়ৰ মতামত এই বিষয়ে বিশেষ কাৰ্য্যকৰী হ'ব। সেই কাৰণে মই অনুৰোধ কৰোঁ, তেখেতে যেন তেখেতৰ বহুমূলীয়া উপদেশেৰে আমাক কৃতাৰ্থ কৰে।”
সৰ্বনাশ! মই তো এনে আপদত পৰিম বুলি ভবাই নাছিলোঁ। এতিয়া কৰোঁ কি! এফালে মোৰ মুখ মেলিবৰ মতলব নাছিল; আনফালে আৰু পলম হ'লে মই যি কামত আহিছিলো