পৃষ্ঠা:আত্মানন্দৰ আত্মকাহিনী.pdf/৪০

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৪
আত্মানন্দৰ আত্মকাহিনী ।


পানীলৈ নিয়ে, নাইবা ফাঁচী, বৰশী যিহতে দিয়ে দিওক,তথাপি ধৰ্ম্মৰক্ষাৰ নিমিত্তে,নৰকৰ হাত সাৰিবৰ নিমিত্তে,আমি এই আইন অমান্য কৰিব লাগিব।”

 বক্তৃতাৰ ওৰ পৰিলত বক্তা মহাশয় ভূমিষ্ঠ হল, কিয়নো তাত ভূমিৰ বাহিৰে আন আসনৰ ব্যৱস্থা নাছিল। তেওঁ বহাৰ লগে লগে এজাউৰি হাত চাপৰিয়ে ঠাইডোখৰ কঁপাই পেলালে।

 আকৌ এজন বক্তা উঠিল। তেওঁ কলে,— “পূৰ্ব্ব বক্তাৰ কথাখিনি যে গাজত লগা আৰু শাস্ত্ৰৰ উমনিৰ পৰা জগা,তাত কোনো সন্দেহ নাই। কিন্তু কি হ'ব, দেশৰ গৰাকীসকলে সমাজৰ গুৰিয়ালসকলৰ ওচৰত বুদ্ধি পৰামৰ্শ কেতিয়াও নিবিচাৰে; যাৰ কোনো সমাজ নাই, নাইবা যি এপাচি এপাচি ৰাইজৰ ধনেৰে বৰমানুহ বোলাই দপ-দপাই ফুৰে, সেই মেলেছবিলাকৰ কথাকে সাৰোগত কৰি লৈ আইন কৰি ধৰ্ম্মৰ পথত চলা লোকসকলকো টানি আজুৰি নৰকলৈ নিবলৈ কাৰবাৰ কৰে। তেনে আইন নামানিলেও ৰক্ষা নাই, মানিলেও ধৰ্ম্ম-কৰ্ম্ম সকলো এৰিব লগাত পৰে। এতেকে, এতিয়া এনে এটা উপায় উলিয়াব লাগে, যাতে মিতিৰে৷ ৰয়, চাউলো সিজে। আমাৰ শাস্ত্ৰত আছে, কোনে৷ ছোৱালীৰ বাল-বৈধব্য যোগ থাকিলে কোনো দেৱমূৰ্ত্তিৰ লগত বিয়া দি সেই দোষ খণ্ডাব পাৰি, পাচত মানুহৰ লগত বিয়া দিলেও বৰীয়া নহয়। এতিয়া সেই নিয়মকে ইয়াতো খটালেই দুয়ো কুল ৰক্ষা পৰে। দেৱতাৰ ভিতৰত বিষ্ণুৱেই শ্ৰেষ্ঠ; দেৱতা-দানৱ, মানুহ-গৰু, কুকুৰ-মেকুৰী, ঘট-