পৃষ্ঠা:আত্মানন্দৰ আত্মকাহিনী.pdf/৩৯

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৩
ছৰ্দ্দা-আইন।

নাছিল, তথাপি এই ডাঁহটোৰ কামোৰ এৰাব নোৱাৰি দলৰ ভিতৰৰ এজন হৈ পৰিলোঁ।

 তেওঁলোকৰ সভাৰ কাৰ্য্য তেতিয়া বাঢ়নী পানীৰ সোঁত বোৱা দি বৈ আছিল। আগছোৱা মোৰ চকু-কাণ নোছোৱাকৈয়ে পাৰ হল; গতিকে সি কেইখন গাওঁ ভাঙ্গিলে, আৰু কেইখন পাতিলে, কিমান ৰৌ-বৰালি আনি ভকতসকলৰ জোলোঙাত সুমাই দিলে, তাক ধৰা পেলাবৰ সুযোগ নহল। ম‍ই সোমোৱাৰ সময়ত এজন বৃদ্ধৰ বক্তৃতা চলি আছিল। বক্তাৰ মাতটো যদিও কঁপি কঁপি হে ওলাইছিল, তথাপি স্মৃতিৰ বচনবোৰ তেওঁৰ মুখত আখৈ ফুটা দি ফুটিছিল।

 তেওঁ গাইছিল,—

অষ্টবৰ্ষা ভৱেৎ গৌৰী নৱবৰ্ষা তু ৰোহিণী।
দশমে কন্যকা প্ৰোক্তা অত ঊৰ্দ্ধং ৰজস্বলা॥
পিতা চৈৱ মাতা চৈৱ জেষ্ঠ ভ্ৰাতা তথৈৱচ।
এয়স্তে নৰকং যান্তি দৃষ্ট্বা কন্যাং ৰজস্বলাম্‌॥

এতেকে দহ বছৰৰ ভিতৰতে যি ছোৱালী বিয়া নিদিব, তাৰ জাত-কুল, ধৰ্ম্ম-সমাজ সকলো গ'ল; সিপুৰীতো তাৰ ঠাই নৰকত। আইন কৰিলে বুলিয়েই আপোনালোক নৰকলৈ যাবলৈ ওলাব নে? নহয়, সেইটো হব নোৱাৰে। আহক, আমি সকলো একমুঠ হৈ লাগি যাওঁ; যেতিয়ালৈকে এই আইন ৰদ নহয়, ছৰ্দ্দাৰ মুণ্ডপাত নহয়, তেতিয়ালৈকে খাৱন-শোৱন এৰি আন্দোলন চলাওঁ। জৰিমনা কৰে, ফাটকত দিয়ে, কলীয়া