পৃষ্ঠা:আত্মানন্দৰ আত্মকাহিনী.pdf/৩৮

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩২
আত্মানন্দৰ আত্মকাহিনী ।

ফুচফুচীয়া মেল পাতি নানা জনে চিঞৰ-বাখৰ কৰিছে,—“ছৰ্দ্দাই পৰ্দ্দা ফাঁক কৰি মানুহৰ জাত-কুল তো মাৰিলেই, ধৰ্ম্ম-কৰ্ম্ম ও ৰসাতললৈ নিলে; ৰসাতললৈ নহলেও অন্ততঃ কলতল বা বাঁহতললৈ যে নিলে তাত সন্দেহ নাই।” কত সভা-সমিতিত যে এই আইনৰ বিৰুদ্ধে কথন-মথন, তৰ্ক-বিতৰ্ক কৰি হৰিবিলাস ছৰ্দ্দা আৰু তেওঁৰ সমৰ্থক দলক অন্ততঃ বক্তৃতাৰ ঢেকিঠোৰাৰে ঘুগুলা-পচলা কৰিছে, তাৰ হিচাপ দিবলৈকো এজন চিত্ৰগুপ্তৰ শাৰীৰ কাকতী লাগিব। সেইবোৰলৈ সম্প্ৰতি নগৈ ইয়াকে মাথোন কওঁ, যে সৌভাগ্যব গুণতেই হওক, বা দুৰ্ভাগ্যৰ দোষতেই হওক, সিদিনা এনে এখন মেলত সোঁ-শৰীৰে উপস্থিত হৈ ময়ো চেল-বেলাব লগাত পৰিছিলোঁ।

 মেলখনৰ নাম আছিল ব্ৰহ্মসভা অৰ্থাৎ হেনো বামুণীয়া মেল। ই বহিছিল এটা স্কুলঘৰৰ সমুখৰ বাকৰিত; আলোচ্য বিষয় আছিল ছৰ্দ্দা আইন। ম‍ই সেই সভাৰ সভ্যও নাছিলোঁ, নিমন্ত্ৰণ পোৱাও নাছিলোঁ, আৰু তালৈ বুলি যোৱাও নাছিলোঁ; গৈছিলোঁ নিজৰ কামত, আৰু সভা বহা ঠাইৰ ওচৰতে দীঘল দি পৰি থকা আলিটোৱে দি। মুকলি বাকৰিৰ মাজত এওঁলোকে কিবা খাদ্য বস্তুকে বেঢ়ি লৈছে, নে কিবা অখাদ্যৰ সন্ধানতে লাগি গৈছে সেইটো স্থিৰ কৰিবলৈ গতিৰোধ কৰা মাত্ৰকে তেওঁলোকৰ দলৰ এজন কুঁজীডাহটো অহা দি আহি মোৰ গাত পৰিলহি, মই হেনো তেওঁলোকৰ মেলৰ ভাগ ল'ব লাগে। লগে লগে মেলৰ বিষয়টোও বিবৰি ক'লে। মোৰ যদিও তেতিয়া সময়