দোষত সন্তানৰ ঘাৰ মুচৰিবৰ কাৰবাৰ নকৰিলেহেঁতেন। এতেকে আপোনালোকে যেনে গোসাঁনীৰ কথা কৈছে তেনে গোসাঁনীক কাটন বেজ লগাই দূৰতে বিদূৰ কৰি লঙ্কালৈ পঠিওৱাটো হে মোৰ মতলব। ভেঁটী খোৱাটো যেনে পাপ, ভেঁটী দিয়াটো তাতোকৈ ডাঙ্গৰ পাপ। অকল পাপেই নহয়, অপৰাধো। আপোনালোকে দণ্ডবিধি আইনত পকা চাই উকীল এজনক সুধিলেই মোৰ কথা সঁচা নে মিছা গম পাব। এতেকে আপোনালোকে বেয়া পালেও মই ধন দি মহাপাপ কিনিবলৈ, নাইবা ফৌজদাৰীত অভিযুক্ত হবলৈ প্ৰস্তুত নহওঁ; বৰং তেওঁক সুবিধাকৈ পোৱা হলে বগা ঘৰত ভাত খুৱাই পাপৰ পৰাচিত কৰিবলৈ বাট উলিয়াই দিলোঁহেঁতেন।
মোৰ উত্তৰ শুনি তেওঁলোকে মোক পগলা বুলি কিবা-কিবি কৈ ভটা-গুটি যোৱা দি ভোঁ ভোঁ কৰে গুচি গ'ল; মোৰো ধন, ধৰ্ম্ম—দুয়োটা ৰক্ষা পৰিল।
⸻
কাহিনী—নম্বৰ ছয়।
ছৰ্দ্দা আইন।
( ১৮৫৬ শক )
হৰিবিলাস ছৰ্দ্দাই আইনৰ হেঙ্গাৰেৰে কেচুৱা ছোৱালীৰে গৃহবাস কৰাৰ বাট মাৰি দেশত নোহোৱা নোপজা হুলস্থুলৰ সূত্ৰপাত কৰিলে। নানা ঠাইত নানা সভা-সমিতি, মেল-দোৱান,