পৃষ্ঠা:আত্মানন্দৰ আত্মকাহিনী.pdf/৩৫

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৯
স্বদেশী প্ৰচাৰ ।


শিক্ষা-দীক্ষা, ভাব-চিন্তা, চলন-ফিৰণ, আহাৰ-বিহাৰ, প্ৰেম-ভেম,লাহ-বিলাহ, ধৰ্ম্ম-কৰ্ম্ম, সকলোখিনি সাত সমুদ্ৰৰ সিপাৰৰ। এনেকৈ বিদেশীৰ ষোলকলা দোষেৰে দেহ-মন দূষিত কৰি যেতিয়া আপোনালোকে স্বদেশীৰ কথা কয়, তেতিয়া মোৰ হাঁহি বিদ্ৰোহী হোৱাত বিচিত্ৰতা একো নাই। যদি স্বদেশী প্ৰচাৰ কৰিব খোজে, তেন্তে ধৰ্ম্ম-কৰ্ম্ম, আহাৰ-বিহাৰ, আচাৰ-বিচাৰ সকলোতে আগ ধৰি স্বদেশী হৈ লওক। তাকে নকৰি, যদি এই গঢ়েৰেই চলে,আৰু আপোনালোকৰ আৰ্হিতে সকলো চলিবলৈ যায়, তেন্তে অলপ দিনৰ পাচত স্বদেশীৰ “স্ব” টো পৰ্য্যন্ত য়ুৰোপ কি আমেৰিকাত বিচাৰি যাব লাগিব।

 মই ইমানখিনি পাওঁতেই গাভৰুৱে ডেকাজনক কলে,“আহাঁ, ইয়াত ৰোৱাৰ আৰু সকাম নাই। এওঁৰ মস্তিষ্ক বিকৃত হৈছে, বলিয়াৰ লগত তৰ্ক কৰাৰ পৰা লাভ কি?” এই বুলিয়েই গাভৰু ভোঁ-ভোঁৱাই ওলাই গ'ল। নিতান্ত নিৰীহ প্ৰভুভক্তটিৰ” দৰে ডেকাজনেও তেওঁৰ পিচ ললে। ময়ো এই ছোৱা ব্ৰেকেটৰ ভিতৰত থৈ, যতে এৰিছিলো তাৰে পৰা মোৰ কাম আৰম্ভ কৰি দিলোঁ, —অৰ্থাৎ লগুৱাই নতুনকৈ লগাই অনা ধপাত চিলিমৰ সদ্ব্যৱহাৰ কৰি আলহীয়ে এৰি থৈ যোৱা শিয়াল-কাঁটহীয়া গোন্ধ আঁতৰাই ধপাতৰ ফুৰফুৰীয়া গোন্ধেৰে চৰাঘৰ ভৰাই পেলালোঁ।