পৃষ্ঠা:আত্মানন্দৰ আত্মকাহিনী.pdf/৩৪

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৮
আত্মানন্দৰ আত্মকাহিনী।


পুতেকক, গিৰিয়েকে ঘৈণীয়েকক, গৃহস্থই চাকৰক, শিক্ষকে ছাত্ৰক চম্ভালিব নোৱাৰে; মই নো এই আগ-গুৱি নোহোৱা হাঁহি আৰু হাড় নাইকিয়া জিভাখনক চম্ভালোঁ কেনেকৈ বাৰু! আপোনালোক মহৎ, তাত নালাগিব।

 গাভৰু বহিল। ম‍ই লাহে লাহে কলোঁ,—“মই যেনেকৈ হাঁহিব নাজানো, তেনেকৈ কথা ক’বও নাজানো, সেই কাৰণে প্ৰথমতে কৈ লওঁ, যদি মোৰ কথাই জগৰ লগায়, আপনালোকে যেন ক্ষমা কৰিবলৈ নাপাহৰে। মোৰ কথা শুনক, – দেশক স্বদেশী কৰিবলৈ হলে প্ৰথমেই মানুহবোৰ স্বদেশী হোৱা প্ৰয়োজন,তাৰ পাচত হে স্বদেশী বস্তুৰ ব্যৱহাৰৰ কথা ভাবিব পাৰি।

 গাভৰু। —তাৰ মানে?

 মই।—- প্ৰশ্ন নকৰি মোৰ কথা শেষ কৰিবলৈ দিয়ক। অকল মানে হে নালাগে ভাষ্য-টীকা সমন্বিতে শব্দাৰ্থ, গূঢ়াৰ্থ, ভাবাৰ্থ, পৰমাৰ্থ সকলো ওলাই পৰিব। প্ৰথমতে কওঁ, আপনালোক স্বদেশী প্ৰচাৰ কৰিবলৈ আহিছে, কিন্তু আপনালোকৰ গাত এনে কেটেহা বিদেশী গোন্ধ যে মোৰ নাকটো দীঘল নোহোৱ৷ হলে সি কিজানি কুচি গৈ নোহোৱাই হলহেঁতেন। আপুনি খাদৰ পিন্ধিছে সঁচা, কিন্তু পিন্ধাৰ গঢ়, চলন-ফিৰণৰ ঠেও, এটাও দেশী নহয়। নিজৰ স্বামীক অকল খৰচ যোগোৱা আৰু ল'ৰা-ছোৱালীৰ পতি কৰাৰ বাবে দায়ী কৰি, নিজে গজলীয়া ডেকা এজনক সহচৰ কৰি লৈ ফুৰা, ডাক বঙ্গলাত ৰাত্ৰিযাপন কৰা আদি দস্তুৰ কোন দেশীয় স্বদেশী তাকো এবাৰ ভাবি চাবলৈ কওঁ। মুঠতে আপোনালোকৰ