পৃষ্ঠা:আত্মানন্দৰ আত্মকাহিনী.pdf/৩৩

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৭
স্বদেশী প্ৰচাৰ।

প্ৰশ্নৰ উত্তৰ দিবলৈ দেখোন ভাষাকে বিচাৰি পোৱা নাই। প্ৰথমতে মই বুজা নাই স্বদেশী বোলোঁতে আপোনালোকে কি বুজাইছে, আৰু আপোনালোকৰ স্বদেশ কোন খন?

 ডেকা। - কিয়? স্বদেশ বুলিলে গোটেই ভাৰতবৰ্ষক বুজিব লাগিব, কংগ্ৰেচৰ সেয়ে সংজ্ঞা।

 মই।—তেন্তে যি স্বদেশী প্ৰচাৰ কৰিব খোজে, তেওঁ নিজেও স্বদেশী হোৱা উচিত।

 গাভৰু।—নিশ্চয়। চাওক আমাৰ গাত বিদেশীৰ চিনমাত্ৰও নাই। হাত-ঘড়ীটো বিদেশী হয়, কিন্তু ভাৰতত পোৱা নাযায় দেখি হে তাক ব্যৱহাৰ কৰিব লগাত পৰিছোঁ। আমাৰ নানা ফালে নানা কাম, ঘড়ী নহলে নচলে।

 মোৰ হাঁহিটোৱে আকৌ উখল-মাখল লগাই দিলে, তাৰ ফলত আকৌ পূৰ্ব্বৱৎ অভিনয়ৰ সূত্ৰপাৎ। এইবাৰ তেওঁলোকৰ বৰকৈ খং উঠিল; ডেকাজনে চুচুক-চামাক কৰিবলৈ ধৰিলে, কিন্তু গাভৰু গৰাকীয়ে ৰণচণ্ডী মূৰ্ত্তি ধৰি থিয় দিলে। মোলৈ চাই তেওঁ কলে,—“আপুনি ইমান অভদ্ৰ! ভদ্ৰমহিলাৰ সন্মান ৰাখিব নাজানে।”

 মই।—সঁচা কথা স্বীকাৰ কৰিছোঁ; “সেৱকে যদি কৰে অপকাৰ, পায় অপযশে স্বানীক তাৰ।” মোৰ এই অভদ্ৰ হাঁহিটোৱে আৰু কেতিয়াবা অভদ্ৰ সঁচা কথাবোৰে মোকো যে অভদ্ৰ কৰি তোলে তাত মই আশৈ নামাতোঁ। সঁচা কথা ক'ব লাগিলে, ইহঁতক মই চম্ভালিব নোৱাৰোঁ। আজিকালি বাপেকে