পৃষ্ঠা:আত্মানন্দৰ আত্মকাহিনী.pdf/৩২

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৬
আত্মানন্দৰ আত্মকাহিনী।


 মই আৰু নিজক চম্ভালিব নোৱাৰিলে। ইমান বেলি চেপি চেপেটাকৈ থোৱা হাঁহিটো কোন তলকত ওফন্দি উঠি হো-হো কৈ ওলাই আহিল, ক’বই নোৱাৰিলোঁ। বহুত বেলি হাঁহিৰ উপদ্ৰব চৰিল; তেওঁলোকৰো সিফালে উচপিচনি লাগিল। লাহে লাহে হাঁহি জামৰি টোটোৰা পৰিলত ডেকাই ভয়ে ভয়ে শুধিলে,— “আপুনি হঠাৎ এনেকৈ হঁহাৰ কাৰণ কি?”

 গাভৰুৱে কলে,—“হয় আপোনাৰ কিবা মূৰৰ বিকাৰ আছে,নহলে আমাক অপমান কৰাই আপোনাৰ উদ্দেশ্য। নহলে মোৰ কথাত এনে কি আছিল, যাৰ বাবে আপোনাৰ নাহাঁহি থকা অসম্ভৱ হৈছিল।”

 মই কলোঁ,—“ঠিক কৈছে, মোৰ মূৰৰ বিকাৰ থকাটোৱেই সম্ভব। নহলে নো মোৰ এই কুলক্ষণীয়া হাঁহিটো আজি কালিৰ কোনো কোনো বোৱাৰীয়ে ওৰণী-বাৰণী দলিয়াই পেলাই গাৰ বলেৰে সমাজত ওলোৱা দি, আপোনালোকৰ আগলৈ মোৰ হাক নামানি বলেৰে ওলাই আহিব কিয়? আশা কৰোঁ, আপোনালোকে তাৰ বাবে মোক ক্ষমা কৰিব।”

 গাভৰু।—বাৰু সেই কথাত নালাগোঁ৷ এতিয়া কওক,আমাৰ স্বদেশী প্ৰচাৰ কাৰ্য্যত আপুনি সাহায্য কৰিব নে নকৰে।

 মোৰ দুৰ্দ্দান্ত হাঁহিটো আকৌ মতলীয়া হৈ উঠিল, কিন্তু আকৌ জগৰ লগোৱাৰ ভয়ত শৰীৰৰ গোটেইখিনি শক্তি প্ৰয়োগ কৰি কোনোমতে তাক লেকাম লগালোঁ। তাৰ পাচত কলোঁ,—“মাননীয় ডাঙ্গৰীয়া, আৰু মাননীয়া ডাঙ্গৰীয়ানী, মই আপোনালোকৰ