পৃষ্ঠা:আত্মানন্দৰ আত্মকাহিনী.pdf/৩১

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৫
স্বদেশী প্ৰচাৰ ।


 গাভৰুৱে কলে,—“বৰ্ত্তমান দেশৰ যেনে দুৰ্দ্দিন, ল'ৰা-ছোৱালী নাইবা স্বামীকে লৈ থাকিলেই কৰ্ত্তব্য কৰা নহয়। নিজৰ স্বাৰ্থ সমুলি এৰি দিব লাগিব; দেশৰ কাৰণে ল'ৰা-ছোৱালী,স্বামী, আন কি নিজকো বিসৰ্জ্জন দিব লাগিব।”

 তেওঁৰ কথা শুনি বেচেৰা স্বামীডোখৰলৈ মোৰ বৰ পুতৌ জন্মিল। এজনী তিৰুতা আৰু সেই তিৰুতাৰ গৰ্ভজাত ল'ৰা-ছোৱালীৰ দায়িত্বখিনি গ্ৰহণ কৰাৰ বাহিৰে যে তেওঁৰ এই মহিলাৰ লগত আন কিবা সম্পৰ্ক আছে, তেনে মনে নধৰিলে।

·  মই ওঁ-আঁ একো নকৰি এনেকৈ চিন্তাৰ বৰ নৈত পাৰি দিবলৈ ধৰা যেন দেখি ডেকাই ক'লে—“এতিয়া সেইবোৰ বাজে কথা আলচ কৰাৰ প্ৰয়োজন নাই; আচল কথাত ধৰা যাওক।”

 মই।—ধৰক, পুলকি নাযায় যদি ময়ো ধৰিম।

 গাভৰু।—আমি সম্প্ৰতি আন কাম বাদ দি স্বদেশী প্ৰচাৰতে ঘাইকৈ ধৰিছেঁ৷। চাওক, বিদেশী বস্তু লৈ আমি বিদেশীক ধনী কৰিছোঁ, অথচ আমাৰ কোটি কোটি মানুহৰ খাব-পিন্ধিবলৈ নাই। সেই কাৰণে বিদেশী বস্তু বৰ্জ্জন কৰি স্বদেশীক সুবিধা দিলেই দেশৰ অৱস্থা উন্নত হব। যিদিনাই আমি সম্পূৰ্ণ স্বদেশী হ'ম,সেই দিনাই স্বৰাজ লাভ হব। এতিয়া আমি আপোনাৰ ওচৰলৈ অহাৰ উদ্দেশ্য এবে, যে আমাৰ স্বদেশী প্ৰচাৰ কাৰ্য্যত আপুনি সাহায্য কৰিব লাগে। আমি শুনিছোঁ, এই ফালে আপোনাৰ বিশেষ প্ৰতিপত্তি আছে, আপুনি যত্ন কৰিলে ওচৰ চুবুৰীয়াৰ মাজত স্বদেশী প্ৰচলন সহজে কৰিব পাৰে।