মই।—মই ভবাটে৷ ক'ব নোখোজোঁ; আকৌ বা ক'ত কি দায়-জগৰ লাগে। শেহত মান হানিৰ গোচৰত চুচৰিব লগা হলে আমাৰ ফালে পৰালিয়েই পৰিব।
গাভৰু। —আপোনাৰ মনটো ইমান ঠেক হোৱা অন্ততঃ সময়োচিত হোৱা নাই।
কথাযাৰত মোৰ কাণ বেজ-বেজাই গ'ল আৰু এই বাৰ বাজন চাই এপাট চোকা কাঁড় মাৰিবলৈ সাজু হলোঁ। এনেতে ডেকাই মোৰ মনোভাৱ বুজিয়েই নে কি সাউৎ কৰে কলে,—“আমি কংগ্ৰেচৰ ভলন্টিয়াৰ, স্বদেশী প্ৰচাৰৰ কাৰণে জিলাই জিলাই ঘুৰিছোঁ।”
মই গাভৰুলৈ আঙ্গুলীয়াই সুধিলো,—“এওঁ আপোনাৰ কি হয়?”
ডেকা।—বন্ধু।
মই।—এওঁ যে এনেকৈ অনাই-বনাই ফুৰিছে, এওঁৰ জানো ঘৰত কোনো নাই?
গাভৰু।—কিয়? কোনোবা থাকিলে হবলা দেশৰ কাম কৰিব নাপায়?
ডেকা।—এওঁ এজন প্ৰধান মহিলা কৰ্ম্মী। এওঁৰ স্বামীও আছে, আৰু ল'ৰাছোৱালীও দুটি।
মই ইমান বেলি নানা কল্পনা-জল্পনা কৰিও তেওঁক অধবা বা বিধবাৰ বাহিৰে আন কিবা বুলি ভাবিব পৰা নাছিলোঁ, এতিয়া সধবা বুলি শুনি নিতান্ত হতভম্ব হলোঁ।