পৃষ্ঠা:আত্মানন্দৰ আত্মকাহিনী.pdf/২৯

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৩
স্বদেশী প্ৰচাৰ।


লগত ভ্ৰু-ভঙ্গীৰ চেৰাগুলি কিছুমান মাৰি দি কলে, – “আপুনি আমাক থিয়ৈ থিয়ৈ বিদায় দিব খুজিছে নে কি?”

 যেই সেই মানুহ হোৱা হলে তেওঁৰ গুলিয়ে কি জানি থকাসৰকা কৰিলেহেঁতেন, কিন্তু মোৰ ছাল তেনে গুলিয়ে ভেদিব পৰা বিধৰ নাছিল; তথাপি অলপ যে অপ্ৰস্তুত হোৱা নাছিলোঁ,এনে নহয়। তেতিয়া তেওঁলোকক ভিতৰত পাৰি খোৱা মাচিয়া দুখন দেখুৱাই বহিবলৈ কলোঁ, তেওঁলোকো বহোঁ নবহোঁ কৈ অলপ পৰ থাকি শেহত আসনস্থ হ'ল। মই অনুমানত বুজিলোঁ মোৰ মাচিয়া কেইখন তেওঁলোকৰ সুকোমল শৰীৰ সংস্থাপনৰ লায়ক হয় নে নহয়, সেই বিষয়ে তেওঁলোকৰ সন্দেহ উপস্থিত হৈছিল, আৰু হওঁতে হব লগীয়াও। মোৰ মাচিয়া কেইখন বকাসুৰ, জম্ভাসুৰৰ উপযোগী হলেও, “অহং ৰাসময়ী ৰাধা” বা “অহঞ্চ গোপনন্দনঃ” আখ্যাৰ উপযুক্ত সকললৈ যে অনুপযুক্ত আছিল, তাক মই নিজেই জানো।

 বহাৰ পাচত অলপমান সময় কাৰো মাত-বোল নাছিল, মাত্ৰ তেওঁলোকৰ ইজনে সিজনৰ চকুলৈ চোৱাচুই কৰিবলৈ ধৰিলে। মই লাহেকৈ সুধিলোঁ,–“আপোনালোকক মই চিনি পোৱা নাই;আন কি, দুয়োজনৰ সম্পৰ্কটো কি সিও মোৰ অজ্ঞাত। অনুগ্ৰহ কৰি আপোনালোকৰ অভিপ্ৰায় ব্যক্ত কৰিলে ময়ো আছে দান, নাই সমিধান দি লেঠাৰ হাত সাৰিব পাৰোঁ।”

 গাভৰুৱে মাত লগালে, “আপুনি নো বাৰু আমাৰ কি উদ্দেশ্য বুলি ভাবিছে?”