আৰু গাভৰুৰ হাততে এডোখৰ ওলমি থকা পাটৰ হাচতি। তাৰ পৰা এনে ভেকেতা-ভেকেত গোন্ধ ওলাইছিল যে প্ৰথমতে মোৰ ঘৰৰ চালত ক'ৰবাৰ জহামাল উঠিল বুলি সন্দেহেই জন্মিছিল। পিচত হে কথাটো তলকিব পাৰিলোঁ।
মই এইবোৰ আলোচনা গবেষণা কৰোঁতে যে বেচি সময় লাগিছিল, এনে নহয়। দেখাৰ লগে লগেই এইবোৰ ভাব আহিলো, গ’লে৷। মই বহাৰ পৰা উঠি গৈ সুধিলোঁ,—“ক’ৰ পৰা আহিছে? কলৈ যায়?”
ডেকা।—আহিছোঁ গুৱাহাটীৰ পৰা, সম্প্ৰতি আপোনাৰ ওচৰলৈকে।
ইমান বেলি মই ভাবিছিলোঁ যে তেওঁলোকে ভুল কৰি মোৰ ঘৰত সোমাইছে, এতিয়া তেওঁৰ উত্তৰ শুনি মই ক্ষন্তেক নিৰুত্তৰ হব লগা হলোঁ। এবাৰ মনত খেলালে এওঁলোকৰ কিবা এটা ৰহস্য আছে। হয় এই পাগত উঠা গাভৰুৱে এই আধা কেচেলুৱা ডেকাৰ ডিঙ্গিত প্ৰেমৰ ফাঁচ লগাই টানি আনি লুকাবলৈ ঠাই বিচাৰি আহিছে; আৰু যদি নহয়, তেন্তে ডেকাজনে বাপেকৰ হাতনি পেৰাৰ কব্জা ভাঙ্গি ধনৰ মোনাটো সৰকাই তাৰ বলত কোনোবা পটিৰ পৰা এই সঙ্গিনীক সংগ্ৰহ কৰি লৈ ‘মধুচন্দ্ৰ’ উপভোগ কৰিবলৈ সুচল বিচাৰি ফুৰিছে। শেহত কোনটো ঠিক আৰু কোনটো বেঠিক, সঠিক কৈ জানিবৰ উপায় নোহোৱাত এপাট প্ৰশ্নৰ শেল মাৰি দিয়া গ'ল,– “মোৰ ওচৰলৈকে! কিয়?”
মোৰ প্ৰশ্নৰ উত্তৰত গাভৰুৱে এমোকোৰা হাঁহিৰ হিলৈ-খাৰৰ