পৃষ্ঠা:আত্মানন্দৰ আত্মকাহিনী.pdf/২৭

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২১
স্বদেশী প্ৰচাৰ ।


পৰিল। প্ৰথম দৃষ্টিত তেওঁলোকক দম্পতী বুলি যদিও বাৰ অনা-মান অনুমান কৰিছিলোঁ, এতিয়া ওচৰ চাপিলত তাৰ আঠ অনামান কমি গ'ল। তেওঁলোকৰ মুখৰ খাল-বামেৰে সৈতে সাজপাৰৰ কলা-কুশলতাৰ সম্পৰ্ক নিৰ্ণয় কৰি সেই মুহূৰ্ত্ততে ম‍ই কেইটামান সিদ্ধান্ত কৰি পেলালে৷।

 (১) তেওঁলোকৰ বৰণ দূৰৈৰ পৰা দেখাত ‘দৰশিত সুন্দৰ গৌৰ কলেৱৰ' হলেও ওপৰৰ চূণ-কামৰ তলৰ ৰংটি শাওঁ-বৰণীয়া।

 (২) বয়সৰ গণনা কৰিবলৈ ম‍ই ডাক্তৰো নহওঁ, জ্যোতিষীও নহওঁ; দাঁত চাই কিবা স্থিৰ কৰিব পাৰি নে নোৱাৰি তাকো খাটাংকৈ নাজানো। তথাপি গাল আৰু কপালৰ ছাল-বাকলিবোৰ ভালকৈ চাই অনুমান কৰিলোঁ, ডেকাৰ বয়স পঁচিশ বছৰ মান হ'ব; গাভৰুৰ বয়স বেচি নহলেও বামুণৰ ছোৱালীৰ বয়সৰ হিচাপত তেওঁক ডেকাজনৰ মাক বুলিব পৰা যায়। কিন্তু গঢ়-গতি, খোজ-কাটল, হাঁহি-খিকিন্দালি মাক-পুতেকৰ শ্ৰেণীৰ নহয়। কোন শ্ৰেণীৰ তাকে নো এতিয়া কওঁ কেনেকৈ! যিহে দিন-কাল পৰিছে মুখ চম্ভালি কথা কোৱাই ভাল।

 ডেকা জনৰ পিন্ধনত খাদৰৰ চুৰীয়া, চেলেং আৰু পাঞ্জাবী। গাভৰুৰ গাত ছাব মৰা খাদৰৰ মেখেলা, ফুটুকা'-ফুটুকী ব্লাউচ, আৰু বা-বিচনীৰ ওপৰে কিবা ‘চেপেটি পিঙেৰে' শলখা মৰা 'চাল' নে কি এখন। মূৰৰ চুলি আৰু খোপা বহুতো ‘কাঁটাৰে’ থকা সৰকাকৈ সিয়া। দুয়োৰে ভৰিত চেণ্ডেল বোলা ফানটি আৰু হাতত হাত-ঘড়ী। ডেকাৰ চোলাৰ ওপৰৰ মোনাত আধা ওলোৱাকৈ লোৱা