পৃষ্ঠা:আত্মানন্দৰ আত্মকাহিনী.pdf/২৬

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২০
আত্মানন্দৰ আত্মকাহিনী।


দেহটোৰ অলপ জীপ ধৰালোঁ। এনেতে লগুৱোটোৱে এচিলিম ধপাত লগাই আমি নাৰিকলৰ কোৰোকাৰ ধোৱাখোৱাটোৰ দীঘল নলীডালৰ মূৰত ৰজাৰ মূৰত মুকুট পিন্ধোৱা দি পিন্ধাই মোৰ হাতত দিলে। ধোঁৱাখোৱাটো হাতত লৈ মই তাৰ ক্ষুদ্ৰ সুৰঙ্গটিত মুখ লগাই দিলোঁ দীঘলীয়া হোপ৷ লগাই। লগে লগে ভিতৰৰ পৰা ওলাল টোৰোক টোৰক সুৰ, আৰু ওপৰে ওলাল ভমক ভমক জুই, কিন্তু ধোঁৱাৰ লগত সাক্ষাৎ নহল। চিলিমটো তললৈ নমাই চাওঁ,দেখোন মোৰ ওচৰ পোৱাৰ আগতে ধপাতৰ ঔৰ্দ্ধদৈহিক কৰ্ম্ম শেষ হৈ গৈছে। লগুৱাটোলৈ যদিও খং উঠিছিল, তথাপি তাক আন একো নকৰি আকৌ এচিমিল লগাই চুৱা নকৰাকৈ আনিবলৈ কঠোৰ আদেশ জাৰি কৰিলোঁ।

 লগুৱাটো ওলাই যোৱাৰ লগে লগে মূৰ দাঙ্গি আলিৰ ফাললৈ চালোঁ; হঠাৎ মোৰ চকুত পৰিল এহালি ডেকা গাভৰু। তেওঁলোকে বাটে-বাটে গা-কে ঘেলাইছে, নে কাৰবাৰ লগত সাক্ষাৎ কৰিবলৈকে আহিছে ঠাৱৰাবলৈ নৌ পাওঁতেই তেওঁলোক দেখোন মোৰ পদূলিতে ৰ'ল। তাৰ পাচত এক মিনিট কি আধা মিনিট “ন যযৌ ন তস্থৌ” কৰি, হঠাৎ মোৰ ঘৰলৈ চোঁচা ললে। মই ভাবিলোঁ, নিশ্চয় কাৰবাৰ কিবা এটা নোকোহা ভুল হৈছে; কিয়নো, এনে এজোৰা মানুহে মোৰ পদূলিৰ সীমা পাৰ হোৱা এয়েই প্ৰথম।

 তেওঁলোক ততালিকে মোৰ চৰা ঘৰৰ মুখ পালেহি; লগে লগে তেওঁলোকৰ পিঠাগুৰীয়া মুখ দুখনৰো ষোলকলা মোৰ চকুত ধৰা