পৃষ্ঠা:আত্মানন্দৰ আত্মকাহিনী.pdf/২৫

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৯
স্বদেশী প্ৰচাৰ


যিমান জীৱহত্যা কৰে, তালৈ চাই আত্মহত্যা কৰাটো বহুত গুণে ভাল। মাজে মাজে কটাকটি কৰি দুই-চাইট৷ মৰিলেও পৃথিবীত পাপৰ জোখ অলপ কমে। মানুহে মানুহ খোৱা হলে যে আৰু ভাল হলহেতেন, তাত সন্দেহ নাই।

 মোৰ কথাত মানুহ জনে কলে, “আপোনাৰ পগলা হবলৈ আৰু অলপো বাকী নাই।”

 “কি!” বুলি চকু পকাই চাওঁতেই মানুহটো গৈ পদূলি পালে,ময়ো মানে মানে ৰক্ষা পৰিলোঁ।

কাহিনী—নম্বৰ চাৰি।
স্বদেশী প্ৰচাৰ।
(১৮৫৬ শক )

 কাউৰীয়ে কা কৰোঁতেই বাহী পাটী এৰি, প্ৰাতঃকৃত্য আংশিক ৰূপে সমাধা কৰি, কেইটামান পিঠা দাঁত দুপাৰিৰ মাজে দি সৰকাই উদৰস্থ কৰাৰ পাচত এবাটি তপত চাহ পানী কোট কোট কৰে নেলী পাৰ কৰি, ৰাতিৰ আঢ়ৈ পৰ শুকাই উবাই থকা