পৃষ্ঠা:আত্মানন্দৰ আত্মকাহিনী.pdf/২৪

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৮
আত্মানন্দৰ আত্মকাহিনী।

 মই।—যথেষ্ট আছে।সেই দেখিয়েই তো সিহঁতৰ বিলাই চাই থকাতকৈ এজাঁই হিলৈ নাইবা এডাল ভলুকা টোকোনৰ সাহায্যেৰে তাৰ ওৰ পেলোৱাৰ মই পক্ষপাতী, আৰু মোৰ মতে সেয়ে হে আচল পৰোপকাৰ। সেই উপকাৰ আনে নকৰিলেও নিজেই কৰি ল'বৰ সুবিধা আছে।

 মানুহ।—তাৰ মানে?

 মই।—তাৰ মানে অতি সহজ। আমি পৃথিবীলৈ আহিছোঁ জীৱনৰ তাকৰীয়া সময়খিনি খাই-বৈ স্ফূৰ্ত্তি কৰি কটাই দিবলৈ। যদি তেনেকৈ কটাব পাৰি ভালেই; যদি নোৱাৰি, তেন্তে এডোখৰ কানি উদৰস্থ কৰি, নাইবা ডিঙ্গিত ফাঁচ লগাই চটিত ওলমি, অথবা ব্ৰহ্মপুত্ৰৰ পানীত জপং কৰে পৰি ৰসতে -নাম লৈ থোৱাই বুধিয়কৰ কাম। তেনে কাৰ্য্যত সাহায্য কৰিলেই পৰোপকাৰ কৰা হয়।

 মানুহ।—তেনেহলে আপুনি আত্মহত্যাৰ দৰে মহাপাপো সমৰ্থন কৰে?

 মই।—মোৰ মতে আত্মহত্যা আৰু আত্মৰক্ষা দুয়োটা একে উদ্দেশ্যৰে ৰূপান্তৰ'; গতিকে ই মহাপুণ্য। তাৰ দ্বাৰা এফালে নিজৰ কষ্ট নিবাৰণ হয়, আৰু আনফালে পৰৰ উপকাৰ হয়। এজন মানুহ জীয়াই থাকিলে কিমান মহ-ডাঁহ, চৰাই-পহু, মাছ-কাছ, ধান-মাহ, শাক-পাচলি বধ কৰে, তাৰ লেখ-জোখেই নাই; তেনেস্থলত, কোনোবাই যদি ইমানবোৰ জীৱ হত্যা নকৰি অকল নিজক হত্যা কৰে, তেন্তে কোন হিচাপত তেওঁৰ বেচি পাপ হয়? সেই কাৰণে মই কওঁ, মানুহে সংসাৰত যিমান দুখ কষ্ট পায়,