পৃষ্ঠা:আত্মানন্দৰ আত্মকাহিনী.pdf/২৩

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৭
দুর্ভিক্ষ-ভঁৰাল ৷


তিন টকা ৰূপ গাঁঠিৰ পৰা ওলাই গৈছে। তাৰ ফলতেই আজি বজাৰ-খৰচৰ অভাবত ওপৰত কোৱা খকা-খুন্দা। মই একে আষাৰেই কলোঁ,—“ইয়াত একো নহয়, আনফালে যোৱাঁ, মোৰ পৰা একো নোপোৱা।”

 মানুহজনে কলে,—“আপোনাৰ দৰে মানুহে যদি এনেকৈ কয়, আনে আৰু কি ক'ব! বেচি দিব নোৱাৰে যদি অলপকে দিয়ক। বৰ্ত্তমান অৱস্থাত যি অলপ পোৱা যায় তাৰেও যথেষ্ট সাহায্য হব।”

 মই।— সাহায্য হব জানো, কিন্তু নিজৰ আহাৰ্য্য যে গোট নাখায়! দুৰ্ভিক্ষ হৈছে সুভিক্ষ হোৱালৈ বাট চাওক।

 মানুহ।—বাট চাবলৈ জীয়াই থাকিলে হে! সিহঁতৰ যি ভয়ানক কষ্ট হৈছে, ততালিকে সাহায্য নাপালে বেচি ভাগেই মৰিব।

 মই।—মৰিল যদি মৰিল, তাৰ বাবে মূৰ ঘমাব লাগিছে কিয়? মানুহ হলেই যে জীয়াই থাকিব লাগিব সেইটো নো তোমাক কোনে ক'লে? এদিন তো মৰিবই; গতিকে সুবিধা পালেই মৰা ভাল। আকৌ তুমিয়েই কৈছ৷ সিহঁতৰ ভয়ানক কষ্ট হৈছে, তেনেহলে আমি ধন নষ্ট কৰিব লাগিছে কিয়? আমি সাহায্য কৰি কোনোমতে কলপ কলপ কৈ প্ৰাণধাৰণ কৰি ঢকা কোবাই ফুৱাকৈ দিনচেৰেক বেচিকৈ ৰাখিলে সিহঁতৰ কষ্ট কমোৱা হব নে বঢ়োৱা হব?

 মানুহ।—আপোনাৰ তেন্তে সহানুভূতি নাই?