পৃষ্ঠা:আত্মানন্দৰ আত্মকাহিনী.pdf/২০

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৪
আত্মানন্দৰ আত্মকাহিনী ।

বিবিয়ে পৰ্ব্বত যেন গাটোৰে গিৰিয়েকৰ গাত পৰি তেওঁক সিফলীয়া কৰা, মদাগাস্কৰ দ্বীপত পানী-ঘোৰা ওলোৱা, কলিকতাত সুশীলাৰ প্ৰেমৰ ফাঁচ লাগি সতীশৰ ধাতু যোৱাৰ নিচিনা কত ভাল ভাল খবৰ আছে, তাক জানো আপোনাৰ অসমীয়া কাকতত পাব? ঘাইকৈ আন নাথাকিলেও নাৰীহৰণৰ বাতৰিখিনিৰ বাবেই বঙ্গলা কাগজ নপঢ়াকৈ থাকিব নোৱাৰি। আপোনাৰ কাকতত জানো তেনে সোৱাদ লগা বাতৰি আছে? আগৰ অসমীয়া কাকততো তেও গৰুৰ পেটত শিয়াল-পোৱালি ওপজা,এটা মানুহে দুকুৰি তিয়ঁহ একেবাৰতে ভক্ষণ কৰাৰ নিচিনা লাগতিয়াল বাতৰি দুই এটা পাবলৈ আছিল; এতিয়াৰ কাকতত তাকো পাবলৈ নাই। আজিৰ কাকতত পাব মুঠেই ক’ত খেতি বেয়া হোৱাৰ বাবে খাজানা মাফ লাগে, কোন বিভাগত বিদেশী মানুহ খেদাই অসমীয়া লব লাগে, ক'ত পানী খাবলৈ পুখুৰী লাগে,ক'ত নৰিয়া চাবলৈ ডাক্তাৰখানা লাগে, ক'ত মানুহ যাবলৈ আলিবাট বান্ধিব লাগে ইত্যাদি আগ-গুৰি নোহোৱা অলাগতিয়াল খবৰ। পঢ়িবলগীয়া কথা কিটো আছে, কওক। আন ফালে চাওক,অসমীয়া কাকতখন ধপাত বা চেনি বান্ধিবৰো উপযুক্ত নহয়; কিন্তু বঙ্গলা কাকত সিদিনা আমাৰ ৰসাই বাপুৱে কোৱাৰ দৰে

“নাই পাটী ল'বা পাৰি,
নাই আসন কৰিবা ঢাৰী,
নাই কাপোৰ জাপত ল'বা,
ভগা বাৰত এঠাই থ’বা,