পৃষ্ঠা:আত্মানন্দৰ আত্মকাহিনী.pdf/১৯

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৩
ভূগোল শিক্ষা।


পণ্ডিতৰ ভূগোল ব্যাখ্যাত মই এনেকৈ ভোল গৈছিলোঁ যে আন একোলৈকে ইমান বেলি মন-কাণ দিব পৰা নাছিলোঁ। এতিয়া দেখিলোঁ, মোৰ দৰেই তাত আশ্ৰয় ল'ব লগাত পৰা এজন আমোলাই দুদোৰোলীয়া খনীয়া এখনমান কাকত এখনলৈ মোৰ ওচৰতে জুপুকা মাৰি বহি পঢ়িব লাগিছে। তাকে দেখি মই সুধিলোঁ,—“সেইখন নো কি?”

 আমোলা।—চম্বাদ পত্ৰ।

 ই নো আকৌ কি? এই বুলি চাওঁ দেখোন এখন বঙ্গলা বাতৰি কাকত। ম‍ই তেতিয়া বুজিব পাৰিলোঁ, যে আমাৰ নতুন ভাষানুৰাগীৰ সংস্কৃত জিভাৰ অনুগ্ৰহত সংবাদ “চম্বাদত” পৰিণত হৈছে। লাহেকৈ সুধিলোঁ, – “আপুনি অসমীয়া বাতৰি কাকত পঢ়ে নে?”

 মোৰ প্ৰশ্নৰ ফৰ্ম্মুটিটো তেওঁৰ গাত লগামাত্ৰেই তেওঁ জিকাৰি উঠিল, আৰু তলত দিয়াৰ দৰে উত্তৰ এটা সৰি পৰিল। “থৈ দিয়ক আপোনাৰ অসমীয়া বাতৰি কাকত।*[] ওলোৱাৰ নিয়ম নাই,ভাল বাতৰি নাই, আখৰ পঢ়িবৰ সাধ্য নাই; ইপিনে বেচ হল এটা চাকৰৰ দৰমহা। তেনে কাকতো আকৌ ভদ্ৰলোকে পঢ়ে! এইয়া বঙ্গলা কাগজ চাওকচোন, কেনে সুন্দৰ! বাতৰিকেই বা চাবা কি। আণ্ডিজ পৰ্ব্বতৰ টিঙ্গত শগুণ পৰা, কাৰ্পেথিয়ান পৰ্ব্বতত বাঘে মানুহ খোৱা, জৰ্ন্মানীৰ পণ্ডিতে বেদ পঢ়া, আমেৰিকাৰ মিচেচ হেৰি

  1. সেই সময়ত “আসাম বন্তিৰ” বাহিৰে আন কোনো বাতৰি কাকত,অসমীয়া ভাষাত নাছিল।