পৃষ্ঠা:আত্মানন্দৰ আত্মকাহিনী.pdf/১৮

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১২
আত্মানন্দৰ আত্মকাহিনী।


দ্ৰবিৰে ধৰিয়া আছে জানা বিশালক।
বিশালে ধৰিয়া আছে জানাহা নলক॥
নলে ধৰি আছয় ভেকোলা ঈশ্বৰক।
ভেকে ধৰি আছে জানা ঈশ্বৰ কুৰ্ম্মক॥
কুৰ্ম্মৰ পিঠিত বসি আছয় অনন্ত
অনন্তৰ ওপৰে বিৰাট ভগৱন্ত॥

  •   *  *

অনন্তৰ মুখ্যতম আঠ গোটা শিৰ।
আঠ গোটা দিগ্‌গজ ধৰিয়া আছে থিৰ॥

 এই আঠোটা দিগ্‌গজৰ কান্ধতে পৃথিবীখন ৰৈ আছে; সেই হে কেতিয়াবা এই হাতীকেইটাই অলপ কাতি-কুতা কৰিলেই পৃথিবীখন কঁপি উঠে, তাকে আমি ভূঁইকঁপ বোলোঁ। এতিয়া এইবোৰ শাস্ত্ৰৰ বচন, গুৰুৰ বাইক দলিয়াই পেলাই নাস্তিকৰ মতত চলিব পাৰি নে? মই কেতিয়াও তেনে কথা লৰাক শিকাব নোৱাৰোঁ।

 মই। —কিন্তু কিতাপৰ মতে নিশিকালে উপৰীয়া কৰ্ম্মচাৰীসকলে আপোনাক শুদাই এৰিব জানো?

 পণ্ডিত।—তাৰ উপায় আছে। পৰিদৰ্শক আহিলে কিতাপৰ মতে কবলৈ ল'ৰাহঁতক কৈ থৈছোঁ।

 কিয় ল'ৰাটোৱে ডেপুটি বা চব্ইন্সপেক্টৰ আহিবৰ দিনা ঘূৰণীয়া বুলিছিল, এতিয়া হে বুজিলোঁ। সি যি কি নহওক, পণ্ডিতৰ লগত বেচি পৰ কথা পাতিলে ময়ো তেওঁৰ দৰে ভৌগোলিক পণ্ডিত ‘হৈ যোৱাৰ ভয়ত এই আলোচনা ইমানতে এৰি মুখ ঘূৰালোঁ।