পৃষ্ঠা:আত্মানন্দৰ আত্মকাহিনী.pdf/১৭

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১১
ভূগোল শিক্ষা ।


এনেতে আন এটা লৰা উঠি কলে, – “পৃথিবী এনেয়ে চেপেটা,ডেপুটি বা চব্ ইন্সপেক্টৰ আহিবৰ দিনা ঘূৰণীয়া।”

 শিক্ষক আৰু ছাত্ৰৰ কাণ্ডখন দেখি মই পণ্ডিতক সুধিলোঁ,— “পণ্ডিত বাপু, কিতাপত নো কেনে বুলি লিখিছে?”

 পণ্ডিত।—ঘূৰণীয়া।

 মই।—আপুনি তেন্তে তাকে নিশিকাই কিয়?

 পণ্ডিত।—কিতাপ লিখা মানুহৰ কি ঠিক আছে! দকে বাম পাতে, বামকে দ কৰে! মুঠেই নতুন কথা উলিয়াবলৈ চায়! আমাৰ আৰু চকু নোহোৱা হল নে? আমি দিনে ৰাতিয়ে দেখিছোঁ পৃথিবী চেপেটা। সিহঁতে ঘূৰণীয়া বুলিলেই মানি লবলৈ আমি জানো কণা!

 মই।—লিখোঁতাই নো প্ৰমাণ নোপোৱাকৈ লিখিছে নে?

 পণ্ডিত।—সিহঁতে লিখাৰ কিটো নো সঁচা? শাস্ত্ৰ-ভাগৱত সোপাকে দলিয়াই পেলাই সিহঁতৰ ফচহু কথাবোৰ কোনে শুনিব? সিহঁতে কয়,—“পৃথিবী ঘূৰণীয়া, মাজডোখৰ জুলীয়া, তাক কোনেও ধৰা নাই, এনেয়ে ৰৈ আছে।” পিচে আমি পণ্ডিত হৈ এইবোৰ বলিয়াৰ কথা শিকালে লৰাৰ মূৰ খোৱা নহব নে?”

 মই।—আপোনাৰ শাস্ত্ৰই নো কি কয়?

 পণ্ডিত।—শাস্ত্ৰত আছে,—

সবাৰো তলত ঈশ্বৰ দ্ৰবিৰ আছয়।
সসাগৰা মহীক তেহেন্তে ধৰিছয়॥